...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা

ডূটাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শিক্ষকসকলৰ শৈক্ষিক অৱদান আৰু সেৱাক স্মৰণ

চাইন অন ডেস্ক,৩০ অক্টোবৰঃ

ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থা (DUTA)ৰ উদ্যোগত ২৮ অক্টোবৰত বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি সন্মিলন কক্ষত আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ডূটাৰ সভাপতি অধ্যাপক দেৱিদ কাৰডঙৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশৰ ক্ষেত্ৰত শিক্ষকসকলে আগবঢ়োৱা দীৰ্ঘদিনীয়া অৱদান আৰু নিষ্ঠাপূৰ্ণ সেৱাক স্মৰণ কৰা হয়।

অনুষ্ঠানত সম্বৰ্ধনা জনোৱা অৱসৰপ্ৰাপ্ত শিক্ষকসকল হৈছে ইতিহাস বিভাগৰ অধ্যাপিকা জাহ্নৱী গগৈ, শিক্ষা বিভাগৰ অধ্যাপক প্ৰবীণ কুমাৰ গগৈ, পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক শৰৎ চন্দ্ৰ কাকতি, অৰ্থনীতি বিভাগৰ ড০ নয়নমণি বৰগোহাঁই বৰুৱা, ফাৰ্মাচিউটিকেল ছায়েন্স বিভাগৰ অধ্যাপক সুৰজিৎ কুমাৰ ঘোষ, জীৱন বিজ্ঞান বিভাগৰ অধ্যাপক লক্ষীৰাম শইকীয়া, অসমীয়া বিভাগৰ অধ্যাপিকা নিৰঞ্জনা মহন্ত বেজবৰা আৰু বাণিজ্য বিভাগৰ অধ্যাপিকা সীমা শ্বাহ সিংঘা।

অনুষ্ঠানত ডূটাৰ সভাপতি অধ্যাপক দেৱিদ কাৰডঙে আদৰণী ভাষণ প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকাই মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে। অৱসৰপ্ৰাপ্ত শিক্ষকসকলক পৰম্পৰাগত গামোচা, চেলেং, স্মাৰক আৰু কৃতজ্ঞতাপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থকা অৱসৰপ্ৰাপ্ত ছগৰাকী শিক্ষকে বিশ্ববিদ্যালয় আৰু ডূটাৰ সৈতে জড়িত হৈ থকা সময়ছোৱাৰ বিভিন্ন অভিজ্ঞতা আৰু স্মৃতি ৰোমন্থন কৰে। লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, বিভিন্ন সমস্যা আৰু ভৱিষ্যৎ উন্নয়নৰ সন্দৰ্ভত নিজৰ মতামত তথা পৰামৰ্শ আগবঢ়ায়। শিক্ষক সমাজৰ প্ৰতিনিধি হিচাপে অধ্যাপিকা নীতা কলিতা বৰুৱা আৰু অধ্যাপিকা সীমা বৰ্মা বৰবৰায়ো বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে ড০ দীপক কুমাৰ দলে-এ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ আধাৰত এটি গীত পৰিৱেশন কৰে। আনহাতে, অধ্যাপক কল্যাণ ভূঞাই নিজৰ স্বৰচিত কবিতা আবৃত্তি কৰে। ডূটাৰ যুটীয়া সম্পাদক ড০ জিতু বৰাই অনুষ্ঠানৰ আঁত ধৰে।

শলাগৰ শৰাই আগবঢ়াই ডূটাৰ সাধাৰণ সম্পাদক ড০ বৰুণ ডেই অনুষ্ঠানটো সফল কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰা উপ-সমিতিৰ সদস্য ড০ বুলুমণি কলিতা, ড০ কল্যাণজ্যোতি দেউৰী, ড০ প্ৰণজিত কলিতা আৰু ড০ পৃথ্বীৰাজ খাখলাৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। অনুষ্ঠানত ডূটাৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *