...

ডিব্ৰুগড়ত প্ৰাক্তন সৈনিকৰ বাবে নিয়োগ মেলা:৩৫০ৰো অধিক চাকৰিৰ সুযোগ

ডিব্ৰুগড়ত প্ৰাক্তন সৈনিকৰ বাবে নিয়োগ মেলা:৩৫০ৰো অধিক চাকৰিৰ সুযোগ

৪৩৪ৰো অধিক প্ৰাক্তন সৈনিকে অংশগ্ৰহণ

৩২টা আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু বহুজাতিক কোম্পানীৰ অংশগ্ৰহণ

চাইন অন ডেস্ক,৩০ অক্টোবৰঃ

প্ৰাক্তন সৈনিকসকলৰ বাবে অসামৰিক খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে শুকুৰবাৰে ডিব্ৰুগড়ৰ মোহনবাৰীৰ আৰ্মী গ্ৰাউণ্ডত এক বৃহৎ নিয়োগ মেলা অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সৈনিক কল্যাণ বিভাগ (DoESW)ৰ অধীনস্থ পুনৰ্সংস্থাপন সঞ্চালকালয় (DGR)ৰ উদ্যোগত আয়োজিত এই নিয়োগ মেলাত ৪৩৪ৰো অধিক প্ৰাক্তন সৈনিকে অংশগ্ৰহণ কৰাৰ লগতে ৩২টা আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু বহুজাতিক কোম্পানীয়ে অংশগ্ৰহণ কৰে। মেলাখনৰ জৰিয়তে বিভিন্ন খণ্ডত ৩৫০ৰো অধিক চাকৰিৰ সুযোগ আগবঢ়োৱা হয়।

যোৰহাট ছাব-এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (GOC) মেজৰ জেনেৰেল বিশাল পাঠানিয়াই নিয়োগ মেলাখন উদ্বোধন কৰে। অনুষ্ঠানত পুনৰ্সংস্থাপন সঞ্চালকালয়ৰ মেজৰ জেনেৰেল এছ বি কে সিং, ব্ৰিগেডিয়াৰ সৌম্য বেনাৰ্জীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ সামৰিক বিষয়া উপস্থিত থাকে।

এই উপলক্ষে জ্যেষ্ঠ সামৰিক বিষয়াসকলে নিয়োগ মেলাত অংশগ্ৰহণ কৰা প্ৰাক্তন সৈনিক আৰু বিভিন্ন কোম্পানীৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে প্ৰাক্তন সৈনিকসকলৰ কৰ্মজীৱনৰ অভিজ্ঞতা, উদ্যোগ খণ্ডৰ প্ৰয়োজনীয়তা আৰু বৰ্তমানৰ নিয়োগৰ সম্ভাৱনাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

অনুষ্ঠানত জালান ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক অৱসৰপ্ৰাপ্ত কৰ্ণেল পি কে ঘোষ আৰু অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং কৰ্পৰেট অতিথি সন্মানীয় হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) মহাপ্ৰবন্ধক সোনামণি চৌধুৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

নিয়োগ মেলাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ্ছ এণ্ড পলিমাৰ্ছ, দিল্লী পাব্লিক স্কুল, অসম পেট্ৰ’-কেমিকেলছ, ইনোভিজন গুৱাহাটী, জালান ইণ্ডাষ্ট্ৰীজ, অইল ইণ্ডিয়া লিমিটেড, আইচিআইচিআই বেংক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

এই নিয়োগ মেলাৰ মূল উদ্দেশ্য আছিল সামৰিক বাহিনীত কৰ্মৰত অৱস্থাত প্ৰাক্তন সৈনিকসকলে আহৰণ কৰা কাৰিকৰী জ্ঞান, পৰিচালনাগত দক্ষতা, প্ৰশাসনিক অভিজ্ঞতা আৰু নেতৃত্ব দিয়াৰ ক্ষমতাক অসামৰিক খণ্ডৰ কৰ্মসংস্থাপনৰ সৈতে সংযুক্ত কৰা। ইয়াৰ জৰিয়তে বিভিন্ন কোম্পানীয়েও অনুশাসিত, দক্ষ আৰু অভিজ্ঞ মানৱ সম্পদ লাভৰ সুযোগ পায়।

আয়োজকসকলৰ মতে, এই পদক্ষেপে সামৰিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত প্ৰাক্তন সৈনিকসকলক এক নতুন কৰ্মজীৱন আৰম্ভ কৰাত বিশেষ সহায় কৰিব। লগতে তেওঁলোকক মূলসুঁতিৰ অসামৰিক কৰ্মশক্তিৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত পুনৰ্সংস্থাপন সঞ্চালকালয়ৰ প্ৰতিশ্ৰুতিও অধিক শক্তিশালী কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *