...

সাতভনীৰ অন্যতম অংগ ত্ৰিপুৰা

Spread the love

সাতভনীৰ অন্যতম অংগ ত্ৰিপুৰা

বিহু কৰ্মশালাত ব্যস্ত লোক সংস্কৃতিৰ সাধক বৰবিহুৱা ডিব্ৰুগড়ৰ জিতেন দাস

চাইন অন ডেস্ক:

বিহু নাচ, বিহু গীত আৰু ঢোল-পেপাৰ শব্দৰে মুখৰিত হৈ উঠিছে ত্ৰিপুৰাৰ।
সাতভনীৰ অন্যতম অংগ ত্ৰিপুৰাত প্ৰতি বছৰে অসমীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত ৰঙালী বিহুৰ পূৰ্বে বিহু নাচ, ঢোলবাদন আৰু বিহু নামৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ত্ৰিপুৰা ৰাজ্যৰ জনজাতীয় সংস্কৃতি একাডেমী উদ্যোগত তিনিদিনীয়া বিহু নাম আৰু বিহু নাচৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিছে লোক সংস্কৃতিৰ এগৰাকী অন্যতম সাধক,বৰ বিহুৱা জিতেন দাসে।

আগৰতলাকে ধৰি বিভিন্ন স্থানৰ পৰা অহা
বিভিন্ন জনজাতীয় যুৱপ্ৰজন্মক বিহুৰ শৈলী, পৰম্পৰাগত বিহুৰ বাদ্যযন্ত্ৰ আদিৰ প্ৰশিক্ষণ প্ৰদান কৰাত ব্যস্ত জিতেন দাস।ত্ৰিপুৰাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় নৱ প্ৰজন্মক অসমীয়া সংস্কৃতিৰ অন্যতম অংগ বিহু নাম বিহু নাচ শুদ্ধ আৰু সঠিক ৰূপত আয়ত্ত কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা ৰাজ্যৰ জনজাতীয় সংস্কৃতি একাডেমী উদ্যোগত অনুষ্ঠিত হৈছে এই তিনিদিনীয়া বিহু নাম আৰু বিহু নাচৰ কৰ্মশালাত প্ৰায় শতাধিক বিভিন্ন জনগোষ্ঠীয় কিশোৰ কিশোৰী অংশগ্ৰহণ। বৰবিহুৱা জিতেন দাসৰ সৈতে তেওঁৰ শিষ্য ঢুলীয়া মানস প্ৰতীম বৰা আৰু বিহুৱতী লাহোৱালৰ হিৰণ্য গগৈয়ো সমল ব্যক্তি হিচাপে উপস্থিত আছে। উল্লেখযোগ্য যে, এসময়ৰ সাত ভনীৰ অন্যতম অংগ ত্ৰিপুৰাৰ জনজাতীয় ক’লা সংস্কৃতিৰ প্ৰচাৰৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি অহাৰ লগতে আগন্তুক ৰঙালী বিহুৰ প্ৰাকক্ষণত এনেদৰে অসমীয়া সংস্কৃতিৰ সৈতে ৰাজ্য খনৰ নৱপ্ৰজন্মক চৰ্চাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো অতি লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *