...

দহ বছৰে খোৱাং সমষ্টিত উন্নয়ন হৈছে কেৱল বিধায়কৰ ভায়েক আৰু ভনিজোঁৱায়েকৰহেঃ লুৰিনজ‍্যোতি

Spread the love

দহ বছৰে খোৱাং সমষ্টিত উন্নয়ন হৈছে কেৱল বিধায়কৰ ভায়েক আৰু ভনিজোঁৱায়েকৰহেঃ লুৰিনজ‍্যোতি

লেজাই-কলাখোৱাত অজাপৰ প্ৰথম নিৰ্বাচনী সভা লুৰিনজ‍্যোতি গগৈৰ
চাইন অন ডেস্ক:

বিগত দহ বছৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ একো উন্নয়ন কৰিব নোৱাৰিলে। উন্নয়ন যদি হৈছে বিধায়ক চক্ৰধৰ গগৈৰ ভায়েক, ভনিজোঁৱায়েক কিম্বা আত্মীয়ৰহে হৈছে বুলি খোৱাঙৰ এক নিৰ্বাচনী সভাত মন্তব্য লুৰিনজ‍্যোতি গগৈৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সকময়তেই আজি খোৱাং সমষ্টিৰ লেজাই-কলাখোৱাত প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ চলালে খোৱাং সমষ্টিৰ বিৰোধী ঐক‍্যমঞ্চৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিনজ‍্যোতি গগৈয়ে। কলাখোৱাৰ ঐতিহাসিক ৰাইদঙীয়া দৌলত উপস্থিত হৈ সেৱা জনাই আশীষ বিচাৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে লুৰিনজ‍্যোতি গগৈয়ে। আহোম স্বৰ্গদেউ সকলৰ স্বাভিমান আৰু ঐতিহ্য বিজৰিত কলাখোৱাৰ ৰাইদঙীয়া দৌলত সেৱা লৈ উপৰিপুৰুষ সকলক শ্ৰদ্ধা জনাই আশীৰ্বাদ বিচাৰি কয় যে, স্বৰ্গদেউ সকলৰ যি মহান আদৰ্শ সকলো জাতি জনগোষ্ঠীক সমান মৰ্যাদা, সমান অধিকাৰ দি সমান উন্নয়ন কৰিবৰ কাৰণে যিটো ব‍্যৱস্থা কৰিছিল, যাৰ কাৰণে তেওঁলোকে ইয়াত কোনো ধৰণৰ বৰ্ণবাদী চিন্তা চেতনাক আহিবলৈ নিদি কৰ্মসংস্কৃতিৰ যোগেদি মানুহৰ ভাল ফল দেখুৱাইছিল সেই চিন্তাটো আৰু আদৰ্শটোকে পুনৰ বাৰ সোঁৱৰাব বিচাৰিছোঁ। আমাৰ দৃষ্টিভংগীৰো সকলো জাতি জনগোষ্ঠীৰ বাবে সম অধিকাৰ, সম মৰ্যাদা, সম উন্নয়নৰ চিন্তাৰে শপত লৈ কাম কৰিবলৈ আগবাঢ়িছোঁ বুলি মন্তব্য দিয়ে। লগতে কয় যে, খোৱাং সমষ্টি এটা স্বাভিমানী সমষ্টি। ইয়াত ঐতিহাসিক বিভিন্ন সমল, কিৰ্তচিহ্ন জৰিত হৈ আছে। ৰজাদিনীয়া পথ, পুখুৰী আৰু বিভিন্ন ধৰণেৰে কীৰ্তিচিহ্নৰে পৰিপুৰ্ণ হৈ থকা আহোম স্বৰ্গদেউ সকলৰ লগত জৰিত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষিৰ লোক সকলক একত্ৰিত কৰি সমন্বয়ৰে বিশাল সমাজ গঢ়াৰ যিটো চিন্তা আৰু আদৰ্শ সকলোৰে মাজত বিজৰিত হৈ আছে। সেই আদৰ্শক আমি আগবঢ়াই লৈ যাব লাগিব। দেশৰ গণতন্ত্ৰ আৰু ন‍্যায়পালিকাক সুৰক্ষিত কৰিবলৈ আমাৰ দায়িত্ব আছে বুলি মন্তব্য দিয়ে অজাপৰ প্ৰাৰ্থী লুৰিনজ‍্যোতি গগৈয়ে। ইয়াৰ পিছতেই কলাখোৱাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক উদ্দেশ‍্যি লুৰিনজ‍্যোতি গগৈয়ে কয়, “বিগত দহ বছৰে খোৱাং সমষ্টিত জনপ্ৰতিনিধি হৈ আছে যদিও সমষ্টিতো অৱহেলিত হৈ আছে আৰু কোনো ধৰণৰ উন্নয়ন হোৱা নাই, বাটপথৰ সমস্যাৰ সমাধান হোৱা নাই। যি সামান্য উন্নয়ন হৈছে সৰ্বানন্দ সোনোৱালৰ কাৰণেহে হৈছে তাত চক্ৰধৰ গগৈৰ কোনো কৃতিত্ব নাই। শিক্ষাৰ ক্ষেত্ৰত এখন মহাবিদ্যালয় গঢ়ি তুলিব নোৱাৰিলে যাৰ ফলত হায়াৰ চেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত মহাবিদ্যালয়ত অধ‍্যয়ন কৰিবলৈ হলে দৰিদ্ৰ ছাত্র ছাত্ৰীসকলে প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা ডিব্ৰুগড় চহৰলৈ ঢাপলি মেলিবলগীয়া হয়। বহুতো ছাত্র ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই আধাতে শিক্ষা সামৰিবলগীয়া হয়। খোৱাং সমষ্টিত নিবনুৱা সকলৰ বাবে Skill Development, আত্মনিৰ্ভৰশীলৰ ক্ষেত্ৰত খোৱাং সমষ্টিত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে। বিগত দহ বচৰে খোৱাং সমষ্টিত জনগণৰ উন্নয়ন হোৱা নাই। উন্নয়ন যদি হৈছে বিধায়ক চক্ৰধৰ গগৈৰ ভাৱেক, বিধায়কৰ ভনি জোঁৱায়েকৰহে উন্নয়ন হৈছে। দুখীয়াৰ দুখ নুবুজাতো এগৰাকী জনপ্ৰতিনিধিৰ চৰিত্র হব নোৱাৰে। ইফালে বিধায়ক চক্ৰধৰ গগৈয়ে লুৰিনজ‍্যোতি গগৈক উদ্দেশ্যি বয়স লোকোৱাইছে বুলি কোৱাত কয়, চক্ৰধৰ গগৈয়ে নিৰ্বাচনী আয়োগকহে প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচনী আয়োগক অৱমাননা কৰাৰ গোচৰত অভিযুক্ত কৰিব লাগে। কাৰণ নিৰ্বাচনী আয়োগে সকলোবোৰ চোৱা চিতা কৰিছে আৰু আমাক প্ৰমাণ পত্ৰ দিছে” বুলি সাংবাদিকৰ আগত মন্তব্য দিয়ে লুৰিনজ‍্যোতি গগৈয়ে। ইফালে আজি অনুষ্ঠিত অজাপৰ নিৰ্বাচনী সভাত প্ৰায় শতাধিক ৰাইজে লুৰিনজ‍্যোতি গগৈৰ উপস্থিতিত যোগদান কৰে অসম জাতীয় পৰিষদত।

Leave a Reply

Your email address will not be published. Required fields are marked *