...

দিখৌমুখলৈ গৌৰৱ ত্ৰিনয়ন জ্যোতি দত্তৰ

দিখৌমুখলৈ গৌৰৱ ত্ৰিনয়ন জ্যোতি দত্তৰ

সৰ্বভাৰতীয় নীট পৰীক্ষাত ৯৩.১৪ শতাংশ নম্বৰ লাভেৰে উত্তীৰ্ণ

দিখৌমুখ,১৭জুলাইঃ

শিৱসাগৰ জিলাৰ দিখৌমুখৰ উজনি ভৰলুৱা গাৱঁৰ মেধাৱী ছাত্ৰ ত্ৰিনয়ন জ্যোতি দত্তই সদ্য ফলাফল ঘোষিত নীটৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈ সমগ্ৰ দিখৌমুখ অঞ্চলৰ লগতে শিসাগৰ জিলা খনলৈকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল৷ কালি ঘোষিত উক্ত পৰীক্ষাৰ ফলাফলত ত্ৰিনয়নে মুঠ ৯৩.১৪ শতাংশ নম্বৰ লাভেৰে উত্তীৰ্ণ হোৱাত সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনৰ শৈক্ষিক সচেতন মহলেই উৎফুল্লিত হৈ পৰিছে৷ উল্লেখ্য দিখৌমুখ উজনি ভৰলুৱা গাৱঁৰ জিন্টু দত্ত আৰু তুলিকা দত্তৰ একমাত্ৰ পুত্ৰ সন্তান ত্ৰিনয়নে ইতিমধ্যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰ টি আৰ বিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সমগ্ৰ শিৱসাগৰ জিলাৰ ভিতৰতে বিজ্ঞান শাখাত মুঠ ৯৫.৬ শতাংশ নম্বৰ লাভেৰে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ন হৈও জিলাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ মেধাৱী ছাত্ৰ গৰাকীৰ এনে নিৰন্তৰ সুখ্যাতি অৰ্জনত বৃহত্তৰ দিখৌমুখ অঞ্চলৰ প্ৰতিগৰাকী লোকেই গৌৰৱাম্বিত হৈ পৰাৰ লগতে ছাত্ৰ গৰাকীৰ ভৱিষ্যত শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *