...

সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকালৈ

সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকালৈ

চন্দ্ৰকান্ত হাজৰিকা-টীয়ক সাহিত্য বঁটা

চাইন অন ডেস্ক,১৯জুন:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন অলংকৃত কৰা, অৱসৰী অধ্যাপিকা, প্রথিতযশা সাহিত্য, কবি, গল্পকাৰ, সাহিত্য সমালোচক, গৱেষক সাহিত্যাচাৰ্য ড° কৰবী ডেকা হাজৰিকাক ২০২৬ বৰ্ষৰ চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়ক সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। প্ৰতি বছৰে প্ৰদান কৰি অহা ৰাজ্যিক পৰ্যায়ৰ উক্ত বঁটাটি ষষ্ঠতম বৰ্ষৰ বাবে সাহিত্যাচাৰ্য গৰাকীক প্ৰদান কৰাৰ কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে বঁটা নিৰ্বাচনৰ বাবে গঠিত নির্বাচকমণ্ডলী তথা দাতা পৰিয়ালে। এক বিৰল ব্যক্তিত্বৰ অধিকাৰী তথা সুবিশাল সাহিত্য কৃতিৰে বিভূষিতা ড° কৰবী ডেকা হাজৰিকাই অসম সাহিত্য সভা আৰু সাহিত্য অকাডেমীৰ ক্ষেত্ৰতো বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ অভিজ্ঞতাপুষ্ট। সাহিত্য অকাডেমীৰ দুটা কাৰ্যকালত অসমীয়া ভাষা সাহিত্যৰ উপদেষ্টা সমিতিৰ আহ্বায়ক আৰু কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰা ড০ হাজৰিকা বিশাল সাহিত্য কৃতিৰে অসমৰ জাতীয় তথা সমাজ জীৱনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।সাহিত্যিকগৰাকীক এই সন্মান প্রদান কৰিব বুলি বঁটাৰ দাতা টীয়ক নিবাসী দেৱজিৎ হাজৰিকাই জানিবলৈ দিয়ে। ইতিমধ্যে বিগত বর্ষকেইটাত বর্ষীয়ান সাহিত্যিক তথা গৱেষক ড° ভাৰত বৰা, ৰহস্যসম্রাট ৰঞ্জু হাজৰিকা, অগ্নিশিখাখ্যাত অৰুণ গোস্বামী, মিচিং জনগোষ্ঠীৰ বৰেণ্য সাহিত্যিক কালীনাথ পাংগিং, কাব্যশাস্ত্রী তথা সংস্কৃত পণ্ডিত ড° অকণ চন্দ্র শইকীয়াক এই বঁটাৰে সন্মানিত কৰা হয়। উক্ত বঁটা ২০২৬ বৰ্ষৰ নৱেম্বৰ মাহত টীয়কত অনুষ্ঠিত হ’বলগীয়া টীয়ক ই-মিডিয়াৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ এক অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি দাতা পৰিয়ালৰ হৈ দেৱজিৎ হাজৰিকাই জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *