...

মন্দিয়া আৰক্ষীৰ সফলতা

মন্দিয়া আৰক্ষীৰ সফলতা

চুৰি ই-ৰিক্সাৰ সতে গ্ৰেপ্তাৰ জাকিৰ হুছেইন

বাঘবৰ,১৯ জুন:

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ ২ নং চাছৰা গাঁৱৰ পৰা জাকিৰ হুছেইন (৩৭)নামৰ এগৰাকী চোৰক মন্দিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আৰক্ষী চকী খনৰ এলেকাধীন অঞ্চলৰ পৰা চুৰি হয় দুখনকৈ ই-ৰিক্সা। আৰু তাৰ পিছতেই গৰাকীয়ে মন্দিয়া আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত খুব সংকীৰ্ণ সময়ৰ ব্যৱধানত চকী খনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসৰ সাহসী নেতৃত্বত যোৱা এটি দলে ২ নং চাছৰাৰ বাসগৃহৰ পৰা জাকিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ আটকাধীন চোৰটোক লৈ আৰক্ষীয়ে ৩ নং লাৰকুছি ৰামপুৰৰ এটা বিশেষ ঠাইৰ পৰা চুৰি হোৱা দুটাকৈ ই – ৰিক্সা উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ই- ৰিক্সা দুখন গৰাকীক পৰৱৰ্তী সময়ত গতাই দিব আৰক্ষীয়ে । ইফালে পৰৱৰ্তী সময়ত জাকিৰ হুছেইনৰ বিৰুদ্ধে বাঘবৰ থানাৰ PS CASE NO- 53/26U/S-303(2)BNS এখন গোচৰ পঞ্জীয়ন কৰি ধৃত জাকিৰক জেইল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। অৱশ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসৰ এনে সাহসী নেতৃত্বতক এতিয়া বহুতেই শলাগিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *