...

এইবাৰ ৰাষ্টীয় ঘাইপথত যাত্ৰীবাহী বাছৰ ষ্টান্ট!

এইবাৰ ৰাষ্টীয় ঘাইপথত যাত্ৰীবাহী বাছৰ ষ্টান্ট!

ডিব্ৰুগড় জিলা প্ৰশাসনৰ তাৎক্ষণিক পদক্ষেপ

চাইন অন ডেস্ক,৩১জুলাই:

এইবাৰ ৰাষ্টীয় ঘাইপথত যাত্ৰীবাহী বাছৰ ষ্টান্ট!ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত অতি বিপদজনকভাৱে বাছ চলোৱা দুই চালকৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ নিৰ্দেশত শ্ৰীঘেই ব্যৱস্থা গ্ৰহণ কৰে জিলা পৰিবহণ বিভাগে।
যাত্ৰী আৰু জনসাধাৰণৰ জীৱন বিপদাপন্ন কৰি ৰাষ্ট্ৰীয় ঘাইপথত অতি বিপদজ্জনক আৰু বেপৰোৱাভাৱে বাহন চলোৱাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে দুখনকৈ যাত্ৰীবাহী বাছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।জানিব পৰা অনুসৰি লাহোৱালৰ পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এএচ- ০৬-চিচি-৪৭১৫(অঞ্জনা) আৰু এএচ ০৬-চিচি-৪৩০৮ (মা তুলিকা) নামৰ দুখন যাত্ৰীবাহী বাছে ৰাইজৰ সুৰক্ষাক ভেঙুচালি কৰি অতি বিপজ্জনকভাৱে ইখনে সিখনক অভাৰটেক কৰাৰ এক দুৰ্দান্ত ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।এই সমগ্ৰ ঘটনাটো ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগৰ দৃষ্টিগোচৰ হয়।অৱশেষত
ঘটনাৰ গুৰুত্ব বুজি জিলা পৰিবহন বিভাগে তৎকালিনভাৱে ব্যৱস্থা গ্ৰহণ কৰি দুয়োখন বাছ জব্দ কৰে। ইয়াৰ উপৰিও, আইন অনুসৰি

দুয়োখন বাহনৰ দুয়োগৰাকী চালকৰে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ নিলম্বিত কৰা হৈছে বুলিও জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *