ডিব্ৰুগড় বিমানবন্দৰত ‘প্ৰদীপ্তি’ ইণ্টাৰ্নশ্বিপ
শিক্ষাৰ্থীসকলৰ মাহজোৰা সামৰণি
চাইন অন ডেস্ক,৩১জুলাই:

১ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেচন, বাণিজ্য আৰু গণিত বিভাগৰ শিক্ষাৰ্থীসকলক বিমানবন্দৰৰ মুখ্য বিভাগসমূহ— সংযোগ, নেভিগেচন আৰু নিৰীক্ষণ (CNS), এয়াৰ ট্ৰেফিক কণ্ট্ৰোল (ATC), বিত্ত, বাণিজ্যিক আৰু বিমানবন্দৰ পৰিচালনা (Airport Operations) বিভাগৰ সৈতে পৰিচিত কৰোৱা।
ইণ্টাৰ্নশ্বিপৰ সময়ত শিক্ষাৰ্থীসকলক প্ৰত্যেকটো বিভাগৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰাৰ লগতে বিমানবন্দৰৰ কাম-কাজ নিৰাপদ আৰু দক্ষতাৰে চলাই 
প্ৰগ্ৰেমটো সমন্বয় কৰে সংশ্লিষ্ট বিভাগীয় মুৰব্বী ৰাইজউদ্দিন আহমেদ (CNS), কিশোৰ কল্লোল চেতিয়া (ATC), লাখ ঈশ্বৰ সোণোৱাল (Finance), সৌৰভ কুমাৰ (Airport Operations) আৰু চন্দ্ৰশেখৰ কুমাৰ (Commercial)-এ। তেওঁলোকে নিজ নিজ বিভাগত শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ পৰিচালনা কৰে।

অনুষ্ঠানত বক্তব্য ৰাখি ডিব্ৰুগড় বিমানবন্দৰৰ সঞ্চালক বঙ্গাজিৎ সাহাই শিক্ষানবিচসকলক অভিনন্দন জনায় আৰু তেওঁলোকক শৈক্ষিক তথা বৃত্তিমূলক জীৱনত উৎকৃষ্টতা অৰ্জনৰ বাবে প্ৰচেষ্টা চলাই যাবলৈ উৎসাহিত কৰে। তেওঁ কয়, “এ.এ.আই.ৰ ‘প্ৰদীপ্তি’ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীয়ে নৱপ্ৰজন্মক বিমান পৰিচালনাৰ জটিলতা আৰু বিমান উদ্যোগৰ বহুমুখী ধাৰণা বুজি উঠাৰ এক অনন্য সুযোগ প্ৰদান কৰে।” তেওঁ আশা প্ৰকাশ কৰে যে ইণ্টাৰ্নশ্বিপৰ এই ব্যৱহাৰিক অভিজ্ঞতাই শিক্ষাৰ্থীসকলক “দেশৰ দ্ৰুতবৰ্ধনশীল বিমান পৰিবহণ খণ্ডত অৰ্থপূৰ্ণ বৰঙণি আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব” আৰু শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।