...

তিতাবৰত ৪ শতাধিক বিঘাত ৰুব পৰাকৈ কঠিয়া সিঁচিলে বিধায়ক ধীৰাজ গোৱালাই

তিতাবৰত ৪ শতাধিক বিঘাত ৰুব পৰাকৈ কঠিয়া সিঁচিলে বিধায়ক ধীৰাজ গোৱালাই

চাইন অন ডেস্ক,৩১জুলাই:

তিতাবৰ সমজিলাৰ বানাক্ৰান্ত কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে বিধায়ক ধীৰাজ গোৱালাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে এক আদৰণীয় পদক্ষেপ।৪ শতাধিক বিঘা মাটিত ৰুৱ পৰাকৈ আজি তিতাবৰ আৰু বৰহোলাত আৰম্ভ কৰিছে কঠিয়া সিঁচা পৰ্ব।তিতাবৰ সমজিলা প্ৰশাসন, কৃষি বিভাগ আদিয়েও এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে।বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ বিঘা মাটিত কঠিয়া সিঁচাৰ লক্ষ্য লোৱা হৈছে।’মিনা ১৭’ নামৰ ধানৰ বীজ সিঁচা হৈছে। এইবিধ ধান ২২ দিনত কঠিয়া উঠাব পৰা হ’ব আৰু তিনিমাহত ধান পুৰঠ হ’ব বুলি জানিব পৰা গৈছে।এই পদক্ষেপে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *