ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। পশ্চিম বংগৰ পৰা বঙাইগাঁও অভিমুখে যোৱাৰ পথত ছাগলীয়া আৰক্ষী চকীৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনত তালাচী চলায়। আৰক্ষীয়ে চলোৱা তালাচীত এ এছ ০১ ইউ ২০৪৫ মালবাহী ট্ৰাকৰ পৰা ৩৭ টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে চালক হেণ্ডিমেনক আটক কৰে। উল্লেখ যে, ট্ৰাকৰ ওপৰ ভাগত আম ভৰ্তি কৰি তলৰ অংশত নিছিল চোৰাং গৰু কেইটা। আৰক্ষীয়ে আটক কৰা চালক ৰূপী সৰবৰাহকাৰী দুজন ক্ৰমে ৰফিকুল আলী আৰু মাজিদুল ইছলাম বুলি জানিব পৰা গৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.