...

তামিলনাডুত নৱগঠিত টিভিকেৰ উত্থান

তামিলনাডুত নৱগঠিত টিভিকেৰ উত্থান

পুডুচেৰীত পুনৰ ক্ষমতালৈ এনডিএ

চাইন অন ডেস্ক,৫মে’:

দেশৰ ৪খন ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলৰ বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল। ঘোষণা কৰা এই ফলাফলে এক নতুন দিশৰ সূচনা কৰে। অসম,পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে বিশেষ সাফল্য প্রদর্শন কৰিবলৈ সক্ষম হোৱাৰ লগতে তামিলনাডুত ডিএমকে-এআইএডিএমকে দলৰ শাসনক ওফৰাই নৱগঠিত তামিলাগা ভেট্রী কাঝাগাম (টিভিকে) দলে ব্যাপক জনসমর্থন লাভ কৰিবলৈ সক্ষম হয় আৰু দীর্ঘদিন ধৰি বাঁও দলৰ দখলত থকা কেৰালাত এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে সাফল্য অর্জন কৰিবলৈ সক্ষম হয়। কেৰালাৰ ১৪০জনীয়া বিধানসভাত চৰকাৰ গঠনৰ বাবে প্রয়োজন ৭১খন আসন। ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি ৰাজ্যখনত কংগ্রেছ নেতৃত্বাধীন ইউডিএফে ৮৯খন, বাঁওমর্চা এলডিএফে ৩৫খন আৰু বিজেপি নেতৃত্বাধীন এনডিএই অকল বিজেপিয়েই তখন আসন লাভ কৰিবলৈ সক্ষম হয়। অন্যান্যসকলে লাভ কৰে ১৩খন আসন। বিজেপিয়ে ৰাজ্যখনৰ নেমম, কাঝাকুট্টম আৰু ছাথানুৰ সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। প্রধানমন্ত্রী মোদীয়ে নিজৰ এক্স হেণ্ডেলত এই বিজয় সন্দর্ভত লিখিছে-‘যিসকলে কেৰালাত বিজেপি-এনডিএক ভোট দিলে, তেওঁলোক আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৰালাৰ প্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি উত্থাপন কৰি যাম আৰু এখন বিকশিত কেৰালাৰ উন্নয়নমূলক আকাংক্ষাৰ প্ৰতি সদায় সমর্থন আগবঢ়াই যাম।’
দক্ষিণ ভাৰতৰ আন এখন গুৰুত্বপূৰ্ণ ৰাজ্য তামিলনাডুত আজি ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি নৱগঠিত তামিলাগা ভেট্রী কাঝাগাম (টিভিকে) দলে প্রথমটো নির্বাচনী যুঁজতে বৃহৎ সাফল্য অর্জন কৰিবলৈ সক্ষম হয়। দীর্ঘদিন ধৰি সলনাসলনিকৈ ডিএমকে আৰু এআইএডিএমকেৰ দখলত থকা ৰাজ্যখনত টিভিকেৰ এই সাফল্যই নতুন দিশৰ সূচনা কৰিছে। সমগ্র দেশকেই চমক দেখুৱাই অভিনেতাৰ পৰা ৰাজনৈতিক নেতা হোৱা যোছেফ বিজয় চন্দ্রশেখৰ ওৰফে থলপতি বিজয়ৰ দলটোৰ জনপ্রিয়তাই ডিএমকে আৰু এআইএডিএমকেৰ দ্বিমেৰু ৰাজনীতিৰ অৱসান ঘটায়। কলাথুৰ বিধানসভা সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে টিভিকে দলৰ ভিএছ বসুৰ হাতত ৮,৭৯৫টা ভোটৰ ব্যৱধানত পৰাজয়বৰণ কৰিব লগা হয়। ২৩৪খন আসনবিশিষ্ট বিধানসভাখনত সংখ্যাগৰিষ্ঠতা অর্জন কৰিবলৈ প্রয়োজন ১১৮খন আসনৰ। টিভিকে দলে লাভ কৰে ১০৮, ডিএমকে মিত্রজোঁটে ৭৫, এআইএডিএমকে মিত্রজোঁটে ৫০ আৰু অন্যান্যই এখন আসন লাভ কৰে।পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ঘোষণা কৰা ফলাফলত শাসকীয় ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা, চমুকৈ এনডিএই নিজৰ খোপনি অটুট ৰাখিবলৈ সক্ষম হয়। ৩০খন আসনযুক্ত পুডুচেৰী বিধানসভাত চৰকাৰ গঠনৰ বাবে ১৬খন আসনৰ প্ৰয়োজন। নির্বাচনী ফলাফল মতে বিজেপি মর্চাই ১৮খন, কংগ্রেছ মর্চাই ৬খন, টিভিকে ৩খন আৰু অন্যান্যই ৩খন আসন লাভ কৰিবলৈ সক্ষম হয়। শাসকীয় এনডিএ ৰাজ্যখনত সুস্থিৰ স্থিতি বজাই ৰাখিবলৈ সক্ষম হয়। ৰাজ্যখনত এনডিএৰ সৈতে কংগ্ৰেছ নেতৃত্বাধীন মৰ্চাৰ প্ৰতিদ্বন্দ্বিতা হয় যদিও নৱগঠিত টিভিকে দলেও এইক্ষেত্রত নিজৰ স্থিতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামীয়ে ৪,৪৪১টা ভোটৰ ব্যৱধানত জয়লাভ কৰি নিজৰ সমষ্টিটো ধৰি ৰাখিবলৈ সক্ষম হয়। ৰংগস্বামীয়ে ঠাট্টানচেভাদি সমষ্টিত ই বিনায়াগমনক পৰাজিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *