Skip to content মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী আনিচুজ জামান
বহুত বেঙ্ক পাচবুক,চেক জব্দ
মৈৰাবাৰী:
মৈৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী আনিচুজ জামান।
আনিচুজ জামানৰ ঘৰ মৈৰাবাৰী থানা এলেকাৰ পলাহজুৰি গাৱত।
দেওবাৰে মৈৰাবাৰী থানাৰ পৰা যোৱা আৰক্ষীৰ অভিযানকাৰী দল এটাও পলাহজুৰি গাঁৱৰ নিজা গৃহৰ পৰা কৰায়ত্ত কৰে চাইবাৰ অপৰাধীটোক।
চাইবাৰ অপৰাধীটোৰ কবলৰ পৰা আৰক্ষীৰ দলটোৱে ৩৫ টা সক্ৰিয় চিম কাৰ্ড,৭ টাঁ মোবাইল ফোন, ১৩ টা এটিএম কাৰ্ড,২ টা নকল পান কাৰ্ড, স্কেনাৰ মেচিন ৩ টা, ১ টা কম্পিউটাৰ হাৰ্ড ডিস্ক, উৎকৰ্ষ বেংক, কটাক মহিন্দ্ৰা বেংক, বন্ধন বেংক, ইণ্ডাছইণ্ড বেংক, জন বেংক, এক্সিছ বেংক, ইয়েছ বেংক, ইণ্ডিয়ান অভাৰ্ছিছ বেংক আৰু উজ্জীৱন বেংকৰ বহুতো চেক বুক, পাচবুক জব্দ কৰিবলৈ সক্ষম হয়।
আনিছুজ জামানৰ কৰায়ত্ব মৈৰাবাৰী আৰক্ষীৰ সাফল্য হিচাপে বিবেচিত হৈছে।
বৰ্ত্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে ধৃত চাইবাৰ অপৰাধীটো।
Like this:
Like Loading...