...

গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঠনৰ প্ৰচেষ্টা ‘আনয়ন দি হেবিট’- লায়ন্স ক্লাবৰ

Spread the love

গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঠনৰ প্ৰচেষ্টা ‘আনয়ন দি হেবিট’- লায়ন্স ক্লাবৰ

ডিব্ৰুগড় জামিৰা অঞ্চলৰ চাৰিখন গাঁৱৰ শতাধিক শিক্ষাৰ্থীক দুখনকৈ গ্ৰন্থ প্ৰদান

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ জামিৰা অঞ্চলৰ চাৰিখন গাঁৱৰ অসমীয়া মাধ্যমত অধ্যয়নৰত শতাধিক শিক্ষাৰ্থীক আজি গাইপতি দুখনকৈ অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰদান কৰাৰ লগতে পথ সুৰক্ষা সম্পৰ্কীয় যাৱতীয় সজাগতা আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন সম্পৰ্কতো এক সজাগতা সভা অনুষ্ঠিত হয়৷ ডিব্ৰুগড় তথা উজনি অসমৰে পথ সুৰক্ষা আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ¸ গঠনৰ কামত নিয়োজিত সংগঠন ‘আনয়নঃ দি হেবিট’ আৰু ডিব্ৰুগড় লায়ন্স ক্লাবৰ যৌথ উদ্যোগত আৰু জামিৰা ধমল গাঁও যুৱক সংঘৰ সহযোগত অনুুষ্ঠিত হয় এই সজাগতা সভাখনি৷ স্থানীয় ধমল গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সজাগতা সভাত স্থানীয় জামিৰা অঞ্চলৰ ধমল গাঁও, টেপৰ গাঁও, গজাই আৰু চুতীয়াকাৰী গাঁৱৰ পঞ্চমৰ পৰা দশম শ্ৰেণীত অধ্যয়নৰত শতাধিক শিক্ষাৰ্থী আৰু অভিভাৱক তথা দ্বিশতাধিক গণ্যমান্য ব্যক্তিৰ উপস্থিতিতি অনুষ্ঠিত উক্ত সজাগতা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে স্থানীয় বিশিষ্ট ব্যক্তি চন্দ্ৰ হাজৰিকাই৷ সভাত ‘আনয়ন’ৰ সাধাৰণ সম্পাদক তথা পথ সুৰক্ষা কৰ্মী ৰতন হাজৰিকাই অনুষ্ঠানৰ আৰম্ভণিতে পথ সুৰক্ষাৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰী সকলে কিদৰে দায়িত্ব পালন কৰিব তাৰ সম্পৰ্কত ব্যাখ্যা দাঙি ধৰি পথ সুৰক্ষাৰ অৰ্থে দ্ৰুত গতিত যান-বাহন নচলোৱা, হেলমেট পিন্ধা, চিটবেল্ট মৰা, সুৰাপান কৰি গাড়ী নচলোৱা আৰু যান-বাহন চলাই থকা অৱস্থাত ম’বাইল ফোনৰ ব্যৱহাৰ নকৰা এই ‘পঞ্চসূত্ৰ’ মানি চলিবলৈ আহ্বান জনায়৷ তদুপৰি ডিব্ৰুগড় জিলাৰ অৱসৰী পৰিৱহণ বিষয়া তথা লেখক সদানন্দ গগৈয়েও বিষয়টোৰ সম্পৰ্কত চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷ শিক্ষাৰ্থীসকলৰ হৈ জিম্পী হাজৰিকা আৰু তনুশ্ৰী বাগলাৰীয়েও এই বিষয়টোৰ সম্পৰ্কত নিজা অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানৰ স’তে সংগতি ৰাখি ‘গ্ৰন্থ অধ্যয়নৰ উপযোগিতা আৰু ইয়াৰ সুফল আৰু অভিভাৱকৰ দায়িত্ব’ শীৰ্ষক বিষয়ক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিকিৎসক, লেখক, আই.এম.এৰ ডিব্ৰুগড় শাখাৰ সভাপতি ডাঃ জি এছ. বৰগোহাঁই আৰু বিশিষ্ট সমাজকৰ্মী, ডিব্ৰু কলেজৰ অৱসৰী অধ্যাপক ড॰ ৰুণুমা শৰ্মাই৷ সভাত ডিব্ৰুগড় জিলা [৩২২ ডি] লায়ন্স ইন্টাৰনেচনেলৰ জ’ন চেয়াৰপাৰ্চন ৰক্তিম গগৈ, ডিব্ৰুগড় লায়ন্স ক্লাবৰ সভাপতি মলয় চক্ৰৱৰ্তী, সদস্যা জ্যোৎস্না চেটাৰ্জী, ‘আনয়ন’ৰ উপসভাপতি অনিমা চেতিয়া, বিশিষ্ট সমাজকৰ্মী মহানন্দ বাগলাৰী, দীপক শইকীয়া, ধমল গাঁও যুৱক সংঘৰ সভাপতি কমল বাগলাৰীয়ে শিক্ষাৰ্থী সকলক উদ্দেশি গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজন আৰু নিয়মিত পাঠ গ্ৰহণৰ উপৰিও সাম্প্ৰতিক পৰিৱেশত ছাত্ৰ-ছাত্ৰী সকলৰ কৰণীয় সম্পৰ্কত সাৰুৱা বক্তব্য আগবঢ়ায়৷ সভাত গ্ৰন্থ অধ্যয়নৰ সম্পৰ্কত শিক্ষাৰ্থী সকলৰ হৈ পংখী বাগলাৰীয়েও নিজা অনুভৱ ব্যক্ত কৰে৷ উল্লেখ্য যে উক্ত কাৰ্যসূচীত শিক্ষাৰ্থীসকলক সংগঠনটোৰ হৈ প্ৰদান কৰা গ্ৰন্থসমূহ ক্ৰয়ত সহযোগিতা কৰে লায়ন্স ক্লাবৰ সদস্য-বিষববীয়া ত্ৰিবেনী গগৈ বৰদলৈ, ড॰ ৰুণুমা শৰ্মা, মনোৰমা আগৰৱালা, জ্যোৎস্না চেটাৰ্জী, সঞ্জীৱ চেটাৰ্জী, মলয় চক্ৰৱৰ্তী, আৰু লনী গগৈয়ে৷ আনহাতে উক্ত সভাত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে লেখক সদানন্দ গগৈয়ে স্বৰচিত ২৫ খন গ্ৰন্থ আৰু ড॰ ৰুণুমা শৰ্মাই তেওঁৰ সম্পাদিত এশখন গ্ৰন্থ প্ৰদান কৰে৷ সভাত লায়ন্স ক্লাবৰ সম্পাদক সঞ্জীৱ চেটাৰ্জী, ধমল গাঁও প্ৰথামিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপাঞ্জলি গগৈ, সংঘৰ সম্পাদক প্ৰণৱ ডেকাবৰুৱাকে ধৰি বিষয়ববীয়াবৃন্দ,‘আনয়ন’ৰ উপসভাপতি ড॰ ৰঞ্জন চাংমাই, সহকাৰী সম্পাদক ড॰ বিজু মৰাণ, সদস্য-সদস্যা ক্ৰমে ভদ্ৰ দাধৰা, ৰাজেন মিৰ্ধা, দীপমালা শইকীয়া উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *