Skip to content এ ডি আৰ ই পৰীক্ষাত
চাৰিদুৱাৰৰ ভাতৃ-ভগ্নী উত্তীৰ্ণ
দিন হাজিৰাৰে সন্তানক পঢ়ুৱাইছিল পিতৃয়ে
বালিপৰা:
চৰম দৰিদ্ৰতাকো নেওচি সদ্যঘোষিত এ ডি আৰ ই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে শোণিতপুৰ চাৰিদুৱাৰৰ দুগৰাকী ভাতৃ-ভগ্নী । অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ দক্ষিণ আমলগা গাঁৱৰ বাসিন্দা তথা দিন হাজিৰা কৰি অশেষ কষ্টেৰে জীৱন-নিৰ্বাহ কৰা ভবেন বড়ো আৰু বীণা বড়োৰ সন্তানদ্বয় ক্ৰমে তোলন বড়ো, প্ৰবীণা বড়োৱে একেলগে সদ্যঘোষিত এ ডি আৰ ই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰে অঞ্চলবাসীক উৎফুল্লিত কৰিছে । জানিব পৰা মতে, প্ৰবীণা বড়োৱে অসম আৰক্ষী কনিষ্টবল পদত আৰু তোলন বড়োৱে তৃতীয় বৰ্গৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে । উল্লেখ্য যে আৰ্থিক দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত তোলন বড়োৱে ঘৰুৱা টিউচন কৰি ঘৰৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল । আনহাতে ভাতৃ-ভগ্নীয়ে কঠোৰ জীৱন সংগ্ৰামৰ সমান্তৰালভাৱে চলাই নিছিল প্ৰতিযোগিতামূলক পৰীক্ষাটোৰ বাবে আৱশ্যকীয় প্ৰস্তুতি । পিতৃ ভবেন বড়োৱে কোনোৰকমে দিন হাজিৰা কৰি তথা ভগা-ছিগা মাটিৰ ঘৰত বসবাস কৰি সীমান্তৱৰ্তী দক্ষিণ আমলগাৰপৰাই সংগ্ৰাম চলাই আহিছে ।