...

ভয়ংকৰ গৰাখহনীয়াত ত্ৰাস!

ভয়ংকৰ গৰাখহনীয়াত ত্ৰাস!

ফকিৰগঞ্জৰ বোচাইমাৰীত বৰলুইতৰ কালৰূপ

ধুবুৰী,২২জুন:

ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ অন্তৰ্গত বোচাইমাৰী অঞ্চলত বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে। নৈখনৰ প্ৰবল সোঁত আৰু অব্যাহত খহনীয়াৰ ফলত অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ পকীঘৰসহ বাসগৃহ নৈত জাহ যোৱাৰ উপক্ৰম হোৱা দেখা গৈছে। উপায়হীন দূৰ্ভগীয়া সেই পৰিয়ালবোৰে নিজৰ সপোনৰ ঘৰখন ভাঙি যি সামান্য সামগ্ৰী ৰক্ষা কৰিব পাৰা যায় তাকে লৈ লৈ নিৰাপদ আশ্ৰয়ৰ সন্ধানত অন্য স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে। গৰাখহনীয়াৰ তীব্ৰতাই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে আৰু যিকোনো মুহূৰ্ততে অধিক সংখ্যক ঘৰ-বাৰী আৰু কৃষিভূমি নৈখনৰ গৰ্ভত বিলীন হোৱাৰ আশংকাত নিদ্ৰাহীন ৰাতি কটাবলৈ বাধ্য কৰিছে। ক্ষতিগ্ৰস্ত ৰাইজে তাৎক্ষণিকভাৱে গৰাখহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু বিকল্প যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে। ইপিনে, ধুবুৰী জিলাৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ বোচাইমাৰীত আৰম্ভ হোৱা ভয়ংকৰ এই গৰাখহনীয়াৰ খবৰ লবলৈ স্থানীয় বিধায়ক-সাংসদ বৰ্তমানলৈ আহৰি নোপোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হোৱা পোৱা গৈছে ভূক্তভোগী একাংশৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *