অহা ২৫ জুনৰ পৰা ২৭ জুনলৈ মালয়েছিয়াৰ হোটেল কিংস্টোনত হ’বলগীয়া পঞ্চম এছিয়ান যোগাসন কাপ-২০২৬ত ডিব্ৰুগড়ৰ যোগাসনৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জগদীশ ভৰালীয়ে বাছনি লাভ কৰিছে। অহা ২৪ জুনত ভৰালীয়ে মালয়েছিয়ালৈ যাত্ৰা কৰিব। ইয়াৰ আগতেও খেলুৱৈগৰাকীয়ে ভাৰত আৰু ভাৰতৰ বাহিৰত এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় খেলত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি ডিব্ৰুগড়, অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এতিয়ালৈকে বাংলাদেশ, থাইলেণ্ড আৰু ডুবাইত অনুষ্ঠিত তিনিখন দেশতেই সোণ আৰু ৰূপৰ পদক লাভ কৰিছে। মালয়েছিয়াত হ’বলগীয়া পঞ্চম এছিয়া কাপতো ভাল ফলাফল দেখুৱাব পাৰিব বুলি খেলুৱৈগৰাকী বহুত আশাবাদী। ইয়াৰ আগতেও ভৰালীয়ে জিলা পৰ্যায়ত ৭বাৰকৈ সোণৰ পদক, ৰাজ্যিক পৰ্যায়ত ৮ বাৰকৈ, উত্তৰ-পূব ভাৰতৰ এখন খেলত সোণৰ পদক, ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত ৪ খনকৈ মাষ্টাৰ গেমছত ভাগ লৈ সোণৰ পদক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ গেমছত দুটাকৈ সোণৰ পদক লাভকৰিছিল। এতিয়ালৈকে এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় মুঠ ১০খন খেলৰ ৯খনতেই সোণ, ৰূপ আৰু ব্ৰঞ্জ পদক লাভ কৰিছে খেলুৱৈগৰাকীয়ে। বিভিন্ন সময়ত হৈ থকা খেলবিলাকত ভাগ ল’বলৈ যাওঁতে খেলুৱৈগৰাকীয়ে যথেষ্ট খৰচ বহন কৰিবলগীয়া হয়। আর্থিক সাহায্য বিচাৰি বিভিন্ন মন্ত্ৰী-বিধায়কৰ ওচৰ চাপিছে যদিও একো সঁহাৰি পোৱা নাই।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.