ধুবুৰীত ৰাজ্যিক স্তৰৰ লোকপিয়ল প্ৰশিক্ষণ কাৰ্যক্ৰম
ধুবুৰী,২৭মে’:
আজিৰ পৰা ধুবুৰীৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আৰম্ভ হৈছে তিনি দিনীয়া ৰাজ্যিক স্তৰৰ লোকপিয়ল প্ৰশিক্ষণ কাৰ্যক্ৰম। জিলা উন্নয়ন আয়ুক্ত অমৰজ্যোতি বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এই প্ৰশিক্ষণত প্ৰশাসনিক বিষয়াবৃন্দ, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত লোকপিয়ল বিষয়া, অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া, উপ-জিলা লোকপিয়ল বিষয়া আৰু ভাৰপ্ৰাপ্ত লোকপিয়ল কেৰাণীসকলে অংশগ্ৰহণ কৰে। ২৭, ২৯ আৰু ৩০ মে’ৰ তিনিদিনীয়া প্ৰশিক্ষণ আজিৰ প্ৰথম দিনা লোকপিয়ল ২০২৭ৰ পৰিচিতি, লোকপিয়লৰ ভেটি নিৰ্মাণ আৰু MMS (লোকপিয়ল
ব্যৱস্থাপনা আৰু পৰিবীক্ষণ প্ৰণালী)ৰ পৰিচিতি, গৃহ তালিকাভুক্তি আৰু গৃহ ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই সন্দৰ্ভত ধুবুৰীস্থ জনসংযোগ বিভাগে জাৰী কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অহা ২৯ মে’ৰ দ্বিতীয় দিনাৰ কাৰ্যক্ৰমত HLB ক্ৰিয়েটৰৰ জৰিয়তে HLB কাৰ্ভিং, লেআউট মেপ প্ৰস্তুতি, CMMS প্ৰশিক্ষণ ব্যৱস্থাপনা, নিযুক্তি পত্ৰ আৰু পৰিচয়পত্ৰ প্ৰস্তুতি, পৰিচয়পত্ৰ প্ৰদানৰ নিয়মাৱলী, লজিষ্টিক্স, মুদ্ৰণ আৰু ডেটা এণ্ট্ৰি মডিউল, গাঁও/চহৰ/চাৰ্জ ৰেজিষ্টাৰ প্ৰস্তুতি, CMMS ডেছবৰ্ডৰ ব্যৱহাৰ, স্ব-গণনা প্ৰক্ৰিয়া আৰু প্ৰদৰ্শন এবং তথ্যদাতা, গণনাকাৰী আৰু পৰিদৰ্শকৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হ’ব। আনহাতে, ৩০ মে’ৰ তৃতীয় তথা অন্তিম দিনা HLO
মোবাইল এপ্লিকেচন আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ পৰিচিতি, তথ্য যাচাই, তথ্যৰ নৈতিকতা, গোপনীয়তা আৰু সুৰক্ষা, ক্ষেত্ৰীয় প্ৰত্যাহ্বান বুজা, সঁহাৰিদাতা আৰু গণনাকাৰীৰ আচৰণ, তথ্যৰ মান আৰু লোকপিয়ল সম্পৰ্কীয় অন্যান্য বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে, আজিৰ সেই প্ৰশিক্ষণ কাৰ্যক্ৰম পৰিচালনা কৰে ভাৰতৰ লোকপিয়ল
আয়োগৰ উপ-মহাপঞ্জীয়ক ভাৰতী চন্দ্ৰ আৰু মুখ্য লোকপিয়ল কাৰ্যালয়ৰ মাষ্টাৰ ট্ৰেইনাৰ কিশোৰ কুমাৰ দাসে। উল্লেখ্য যে, দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকপিয়ল অভিযানৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ’ব ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ। প্ৰথম পৰ্যায়ত স্ব-গণনাৰ ৱেব পৰ্টেলৰ যোগেদি কৰা হ’ব। আনহাতে, অহা বছৰৰ ফেব্রুয়াৰী মাহত আৰম্ভ হ’বলগীয়া লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত গণনাকাৰীৰ দ্বাৰা ঘৰে ঘৰে গণনা কৰা হ’ব।
Like this:
Like Loading...