...

বেদখলকাৰীয়ে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছে স্বাস্থ্য কেন্দ্ৰৰ চৌহদ ?

বেদখলকাৰীয়ে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিছে স্বাস্থ্য কেন্দ্ৰৰ চৌহদ ?

ৰহস্যজনক ভাৱে মৌন মহকুমা স্বাস্থ্য বিষয়া!

চাইন অন ডেস্ক,২৭মে’:

ডিব্ৰুগড় চহৰৰ উপকণ্ঠ বৰবৰুৱা অঞ্চলৰ গুৰুত্বপূৰ্ণ এখন স্বাস্থ্য আৰু চিকিৎসা কেন্দ্ৰ হ’ল বৰবৰুৱা মহকুমা স্বাস্থ্য আৰু চিকিৎসা কেন্দ্ৰ। ৰাজ্যৰ অন্যান্য চিকিৎসা কেন্দ্ৰ সমূহলৈ চৰকাৰৰ পৰা উন্নয়ন সম্পৰ্কীয় যিমানবোৰ পূঁজি আবণ্টিত হৈ আহিছে, সেইবোৰৰ সদ্ব্যৱহাৰ অন্ততঃ এই স্বাস্থ্য কেন্দ্ৰটোত কিমান হৈছে সন্দেহৰ বিষয়। এই প্ৰশ্নটো বিশেষকৈ এই বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰত এই কাৰণে উত্থাপিত হৈছে যে, চৰকাৰৰ আবণ্টিত পুঁজিৰ যদি সদ্ব্যৱহাৰেই হৈছে, তেনেস্থলত চিকিৎসালয়খনৰ নিজৰ নামত থকা মাটি সদ্ব্যৱহাৰ নকৰাৰ ফলত একাধিক বাহিৰৰ লোকে কেনেকৈ নিৰ্বিবাদে বেদখল কৰিব পাৰে? স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী স্থায়ী মহকুমা স্বাস্থ্য বিষয়া থকা স্বত্বেও বছৰ বছৰ ধৰি বেদখল কৰি থোৱা নিজৰ নামত থকা মাটিখিনি বেদখল মুক্ত কৰি নোলোৱাৰ ৰহস্য ক’ত বুলিও সচেতন মহলৰ মাজত সৰব চচা চলিছে।
স্বাস্থ্য কেন্দ্ৰটোৰ মাটি বছৰ বছৰ ধৰি বেদখল কৰি ৰখাই নহয়, বেদখলকাৰীয়ে তেওঁলোকৰ পেস্ৰাৱাগাৰ-শৌচাগাৰৰ আবৰ্জনা তথা প্ৰদুষিত লেতেৰা পানী স্বাস্থ্য কেন্দ্ৰটোৰ মাটিলৈ ডাষ্টবিনৰ দৰে নিক্ষেপ কৰি প্ৰদুষিত কৰি আহিছে। স্বাস্থ্য কেন্দ্ৰটোৰ নিজা মাটিত দুই তিনি মহলীয়া অট্টালিকা সাজি তেওঁলোকৰ আবৰ্জনা স্বাস্থ্য কেন্দ্ৰটোৰ মাটিলৈ নিক্ষেপ কৰি অহা কাৰ্যৰ কোনো প্ৰতিবাদ নকৰি পৰোক্ষ ভাৱে সমৰ্থন কৰা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰি বিহিত ব্যৱস্থা হাতত ল’বলৈ নেতৃস্থানীয় একাংশ লোকে ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ ওচৰত ফটো সহ অভিযোগ পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *