ডিব্ৰুগড়ত এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল।ডিব্ৰুগড় মহানগৰৰ কদমনিৰ ৰামসিং গেটৰ সন্মুখত ১৪৮৬০ নম্বৰৰ এটা চলন্ত ইঞ্জিন ৰেল’ৱে ট্ৰেকৰ পৰা হঠাৎ উলাই যোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।জানিব পৰা মতে, ইঞ্জিনটো ডিব্ৰুগড় ৱৰ্কশ্বপৰ পৰা বানীপুৰৰ ফালে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।ঘটনাৰ পিছতে ৰেলৱেৰ বিষয়াসকল তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।প্ৰাথমিক তথ্য অনুসৰি, সংশ্লিষ্ট স্থানত ৰেললাইন মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতেই ইঞ্জিনটো ৰে’লৱে যান্ত্ৰিক কাৰখানাৰ পৰা বাণীপুৰ ৰেলৱে ষ্টেচনলৈ যোৱা অৱস্থাত লাইনচ্যুত হয়।যদিও ভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত নহ’ল। উল্লেখযোগ্য যে, উত্তৰ-পূব সীমান্ত ৰেলৱেই পূৰ্বেই মেৰামতিৰ কামৰ বাবে এলচি গেট নম্বৰ ৭ডিডি অৰ্থাৎ DBWS ৱৰ্কশ্বপ গেট সাময়িকভাৱে বন্ধ ঘোষণা কৰিছিল।বৰ্তমান ৰেল বিভাগে ঘটনাটোৰ কাৰণ তথা অনুসন্ধান অব্যাহত ৰাখিছে যদিও আনুষ্ঠানিক ভাষ্য প্ৰদান কৰা নাই।ঘটনাটোৱে ডিব্ৰুগড়ত যথেষ্ট চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.