...

অসমত উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ মুহূৰ্তক ঐতিহাসিক আখ্যা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

অসমত উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ মুহূৰ্তক ঐতিহাসিক আখ্যা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

“এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় জনগণৰ সাংবিধানিক, সামাজিক অধিকাৰ আৰু সাংস্কৃতিক স্বকীয়তা সুৰক্ষিত ৰাখি এক সুসংগঠিত আৰু সমতাভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব’: সোণোৱাল

গুৱাহাটী, ২৮মে’ ২০২৬:

দেশৰ তৃতীয়খন ৰাজ্য হিচাপে অসমে উমৈহতীয়া দেৱানী বিধি গৃহীত কৰাৰ ক্ষণক ঐতিহাসিক আখ্যা দি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “অসমৰ ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হ’ল৷ উমৈহতীয়া দেৱানী বিধি ২০২৬
অসম বিধানসভাত গৃহীত হোৱাটো সামাজিক ন্যায়, সমতা আৰু সুশাসনৰ দিশত এক যুগান্তকাৰী পদক্ষেপ৷ এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় জনগণৰ সাংবিধানিক, সামাজিক অধিকাৰ আৰু সাংস্কৃতিক স্বকীয়তা
সুৰক্ষিত ৰাখি এক সুসংগঠিত আৰু সমতাভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব৷ একে সময়তে, মহিলা সশক্তিকৰণ, সম-অধিকাৰ আৰু সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এই সিদ্ধান্ত বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷
মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত এনডিএ চৰকাৰে দেশজুৰি যি সংস্কাৰমূলক যাত্ৰা ত্বৰান্বিত কৰি আহিছে, এই ঐতিহাসিক সিদ্ধান্ত সেই যাত্ৰাৰেই এক শক্তিশালী প্রতিফলন৷ এই উল্লেখযোগ্য পদক্ষেপ
বাস্তৱায়িত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ তেখেতৰ দৃঢ় নেতৃত্বত অসমে এক সুৰক্ষিত, সমতাভিত্তিক আৰু সবল ভৱিষ্যতৰ দিশে আত্মবিশ্বাসেৰে আগবাঢ়িছে৷”

Leave a Reply

Your email address will not be published. Required fields are marked *