আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে নিযুক্তি দিয়া বিশেষ পৰ্য্যবেক্ষক অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মনজিৎ সিং আজি পুৱা ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ সৈতে জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ সন্দৰ্ভত এক চমু আলোচনাত মিলিত হয়।
উক্ত বৈঠকৰ পাছতে বিশেষ পৰ্যবেক্ষক মঞ্জিত সিং আৰু ডিব্ৰুগড় জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়ে মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ ভোটগ্ৰহণকেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছত, মনজিৎ সিঙে লাহোৱালস্থিত ডিব্ৰুগড় পলিটেকনিকলৈ ৰাওনা হয় আৰু তাত নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ তথা বিতৰণ কেন্দ্ৰৰ লগতে ষ্ট্ৰং ৰুম কেন্দ্ৰটো পৰিদৰ্শন কৰে। তেওঁ নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কৰা সামগ্ৰিক ব্যৱস্থা আৰু প্ৰস্তুতিৰ বুজ লয়। এই পৰিদৰ্শন কালত তেখেতে কেন্দ্ৰসমূহৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা, বিভিন্ন বিতৰণ কোষসমূহৰ কাৰ্যপ্ৰণালী আৰু নিৰ্বাচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে প্ৰতিটো কাৰিকৰী দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.