...

দুৰ্ঘটনা গ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ চোৰাং গৰু !

দুৰ্ঘটনা গ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ চোৰাং গৰু !

আগমনি,৮জুলাই:

ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তৰ্গত সাহাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰা বাগৰি পৰে এখন চোৰাং গৰু ভৰ্তি বাহন। ধাৰাষাৰ বৰষুণৰ ফলত পশ্চিম বংগৰ পৰা হালাকুৰা আৰক্ষী পহৰা চকীৰ সন্মুখেদি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধুবুৰী অভিমুখে যোৱাৰ পথত ৰাস্তাৰ পৰা বাগৰি পৰে বাহনখন। ঘটনা স্থলীত আগমনি আৰক্ষী উপস্থিত হৈ বাহনখনৰ ভিতৰৰ পৰা চাৰিটাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। অৱশ্য আৰক্ষী উপস্থিত হোৱাৰ পুৰ্বেই এ এছ ২৬ ই ৩৭৩৮ নম্বৰৰ বাহনখনৰ চালক পলায়ন কৰে। স্থানীয় লোকৰ অভিযোগ মতে, নিতৌ পশ্চিম বংগৰ পৰা হালাকুৰা পহৰা চকীৰ অন্তৰ্গত হালাকুৰা বজাৰৰ পৰা পোকালাগি, মানসাই, জিনকাটা, ঘৰিয়ালডাঙা আদি যোৱাৰ পথেদি চোৰাং গৰু ভৰ্তি বাহন ধুবুৰী অভিমুখে যায়। আনহাতে আগমনি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি, ৰতিয়াদাহ, গোহাঁই কমল আলি, খেৰবাৰিৰ লগতে আৰু কেইবাটাও ভিতৰুৱা পথেদি চোৰাং গৰু পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখে সৰবৰাহ হয়। ধুবুৰী আৰক্ষী সকলো জানিও আজিলৈকে ভিতৰুৱা গাঁৱৰ পথ সমূহত নাকা চেকিং নিদিয়াত চোৰাং গৰু সৰবৰাহৰ ঘটনা বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনৰ নেতৃত্বই।

Leave a Reply

Your email address will not be published. Required fields are marked *