...

ঢকুৱাখনাত ৫ দিনীয়াকৈ আৱাসিক প্ৰাকৃতিক শিবিৰ আৰম্ভ

ঢকুৱাখনাত ৫ দিনীয়াকৈ আৱাসিক প্ৰাকৃতিক শিবিৰ আৰম্ভ

ঢকুৱাখনা,৮জুলাই:

নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিক পাঠ্যক্ৰমৰ সমান্তৰালকৈ প্ৰাকৃতিক পৰিৱেশৰ লগত সংযুক্ত কৰি প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে সচেতন কৰাৰ লক্ষ্যৰে ঢকুৱাখনাত আজিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে এক আৱাসিক প্ৰাকৃতিক শিবিৰ অনুষ্ঠিত হৈছে।অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ উদ্যোগত মেগামিক্স প্ৰকৃতি সংঘ,প্ৰেছ গীল্ড, ঢকুৱাখনা,পু এন ফ’ ৱাইল্ড,বন বিভাগ , অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ মহিলা কোষ আৰু ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ সহযোগত ক্ৰমাগতভাৱে তৃতীয় বাৰৰ বাবে আয়োজিত এইবাৰৰ শিবিৰটি ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছে।
আজি বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা
আৱাসিক প্ৰাকৃতিক শিবিৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশিষ্ট পৰিৱেশকৰ্মী তথা পৰিৱেশ মিত্ৰ দেৱজিৎ ফুকনে।অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সম্পাদক বিমান সন্দিকৈয়ে আঁতধৰা শুভাৰম্ভ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰজনী চেতিয়াই।অহা ১২ জুলাই পৰ্যন্ত চলিব লগা শিবিৰৰ প্ৰথম দিনা সমল ব্যক্তি হিচাপে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰসলৰ লগত মত বিনিময় কৰে দেশৰ ভিতৰতে এগৰাকী অগ্ৰণী পক্ষীবিজ্ঞানী ডঃ নিলোৎপল মহন্তই। আৰম্ভণি অনুষ্ঠানত নিজৰ বক্তব্যত বিশিষ্ট পক্ষীবিজ্ঞানীজনে কয় যে অসমৰ বিভিন্ন ঠাইত নানা বিষয়ৰ ওপৰত কৰ্মশালা আৰু শিবিৰ অনুষ্ঠিত হৈছে। কিন্তু প্ৰকৃতিৰ ওপৰত আৱাসিক শিবিৰ অনুষ্ঠিত হোৱাটো বিৰল। যিটো কেৱল ঢকুৱাখনাত অনুষ্ঠিত হয়। ইয়াৰ বাবে তেওঁ উদ্যোক্তাসকলক ধন্যবাদ জনায়।ডঃ মহন্তই দিনজোৰা কাৰ্যসূচীত স্থানীয় চৰাইৰ গুৰুত্ব আৰু সংৰক্ষণ ব্যৱস্থা শীৰ্ষক বিষয়বস্তুৰ ওপৰত দৃশ্য-শ্ৰাব্য মাধ্যমেৰে তেওঁৰ আলোচনা অতি মনোৰম আৰু উপভোগ্যকৈ আগবঢ়ায়।শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা
অনুস্থানত চমু বক্তব্য প্ৰদান কৰে প্ৰেছ গীল্ড,ঢকুৱাখনাৰ সভাপতি তোলন চন্দ্ৰ দত্ত আৰু অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ মহিলা কোষৰ সম্পাদক স্বৰ্ণলতা চমুৱাই।উল্লেখ্য এইবাৰ শিবিৰত ঢকুৱাখনাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ উপৰিও শিৱসাগৰ বিশ্ববিদ্যালয়,নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *