...

ডিব্ৰুগড় প্ৰধান ডাকঘৰত স্পীড পোষ্টৰ বাবে স্বয়ংক্ৰিয় মেচিনৰ শুভাৰম্ভ

ডিব্ৰুগড় প্ৰধান ডাকঘৰত স্পীড পোষ্টৰ বাবে স্বয়ংক্ৰিয় মেচিনৰ শুভাৰম্ভ

চাইন অন ডেস্ক,৮জুলাই:

ডিব্ৰুগড় প্ৰধান ডাকঘৰত স্পীড পোষ্টৰ বাবে স্বয়ংক্ৰিয় আৰ্টিকেল বুকিং মেচিনৰ শুভাৰম্ভ।
ডিব্ৰুগড় প্ৰধান ডাকঘৰত আনুষ্ঠানিকভাৱে স্বয়ংক্ৰিয় আৰ্টিকেল বুকিং মেচিন (Automatic Article Booking Machine) স্থাপন কৰি জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। এই মেচিনটোৰ জৰিয়তে গ্ৰাহকে কোনো কাউণ্টাৰত দীঘলীয়া শাৰী পাতি অপেক্ষা নকৰাকৈ নিজেই তেওঁলোকৰ পাৰ্সেল তথা অন্যান্য ডাক সামগ্ৰী সহজে বুকিং কৰিব পাৰিব।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া অভিযানক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰ আৰু ভাৰতীয় ডাক বিভাগে দেশজুৰি আধুনিক সেৱা সম্প্ৰসাৰণ কৰি আছে। তাৰেই অংশ হিচাপে ডিব্ৰুগড় প্ৰধান ডাকঘৰত এই অত্যাধুনিক ব্যৱস্থাৰ শুভাৰম্ভ বুলি ডিব্ৰুগড় প্ৰধান ডাকঘৰৰ অধীক্ষক হীৰেন কুমাৰ গগৈয়ে।

তেওঁ কয় যে, উজনি অসমত ডিব্ৰুগড় প্ৰধান ডাকঘৰেই প্ৰথম এই সুবিধা লাভ কৰিছে। ৰাজ্যখনত গুৱাহাটীৰ পিছতেই ডিব্ৰুগড়ত এই মেচিন স্থাপন কৰা হৈছে আৰু ইয়াৰ পিছত কাছাৰতো একে ধৰণৰ ব্যৱস্থা কৰা হৈছে।
এই মেচিনৰ জৰিয়তে পাৰ্সেল আৰু অন্যান্য ডাক সামগ্ৰী বুকিং কৰিব পৰা যাব। গ্ৰাহকে নিজেই ডিজিটেল প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰিব, ফলত সময় ৰাহি হোৱাৰ লগতে ডাকঘৰৰ সেৱা অধিক স্বচ্ছ, দ্ৰুত আৰু ডিজিটেলভাৱে উপলব্ধ হ’ব।

অৱশ্যে মেচিনটোৰ জৰিয়তে বুকিং কৰিবলৈ সামগ্ৰীৰ ওজন আৰু আকাৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত থাকিব লাগিব। সামগ্ৰীটো মেচিনৰ নিৰ্দিষ্ট খোলা অংশত সহজে সোমাব পৰিলেহে বুকিং সম্ভৱ হ’ব।
ডাক বিভাগে জনসাধাৰণক এই নতুন ডিজিটেল সুবিধাৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। শুভাৰম্ভ অনুষ্ঠানত পোষ্ট মাষ্টাৰ বিপুল ঠাকুৰীয়াকে প্ৰমুখ্য কৰি বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *