চাইন অন ডেস্ক,৫অক্টোবৰ:
বিগত ২০০১ বৰ্ষতে স্থাপিত আৰু ইতিমধ্যে ২৫ টা বছৰ অতিক্ৰম কৰা ডিব্ৰুগড়ৰ সত্ৰীয়া সংগীত বিদ্যালয়ে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অহা ৩১ অক্টোবৰ, ১ আৰু ২ নৱেম্বৰ তাৰিখে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন প্ৰস্তুতি চলাইছে । ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশস্বৰূপে সদৌ অসম ভিত্তিত গীত – বাদ্য- নৃত্য (বৰগীত, খোলবাদ্য, সত্ৰীয়া নৃত্য) ৰ এখনি প্ৰতিযোগিতাও আয়োজন কৰা হৈছে । প্ৰতিযোগিতা সমূহ “ক” আৰু “খ” দুটা শাখাত অনুষ্ঠিত হ’ব । “ক” শাখাৰ প্ৰতিযোগীৰ বয়স ৮ৰ পৰা ১৫ বছৰ আৰু “খ” শাখাৰ ১৬ৰ পৰা ২৫ বছৰ । বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ, গ্ৰন্থৰ টোপোলা সহিতে নগদ ধনৰে পুৰস্কিত কৰা হ’ব । কাৰ্যসূচী অনুসৰি অন্তিম দিনা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতন হাজৰিকাই । এই অনুষ্ঠানতে সংগীত নাটক একাডেমি বটাঁ প্ৰাপক মাজুলীৰ মূল কমলাবাৰী সত্ৰৰ টংকেশ্বৰ হাজৰিকাক সম্বৰ্ধনা জনোৱা হ’ব । সত্ৰীয়া সংগীত বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান শিক্ষাৰত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমূহীয়া বৰগীত, গায়ন-বায়ন পৰিৱেশন কৰাৰ উপৰিও গুৱাহাটী, যোৰহাট আৰু দুলীয়াজানৰ কেইবাগৰাকীও বিশিষ্ট সত্ৰীয়া শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তুলিব বুলি বিদ্যালয়খনৰ অধ্যক্ষ ক্ষীৰেশ্বৰ হাজৰিকাই জানিবলৈ দিছে । ৰূপালী জয়ন্তী উদযাপনৰ সকলো প্ৰস্তুতি নিয়াৰিকৈ চলাই নিবৰ বাবে জীৱন জ্যোতি দুৱৰাক সভাপতি আৰু উপেন দাসক সম্পাদক ৰূপে লৈ ইতিমধ্যে এখন শক্তিশালী আয়োজক সমিতিও গঠন কৰা হৈছে । অহা ১ নৱেম্বৰৰ সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন সমাৰোহত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰাৰ লগতে ৰূপালী জয়ন্তী অনুষ্ঠানৰ যিকোনো বিশদ তথ্যৰ বাবে ৮৭২১৮৮৬৭৪০, ৯৯৫৭৩১২৪৮৫, ৯৯৫৪৬৪২৮৭৯ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.