সেৱা সংকল্প অভিযানৰ সফল আৰম্ভণি
স্বাস্থ্য বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ ৪ স্থানত
আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ সফলভাৱে সম্পন্ন
চাইন অন ডেস্ক,৫অক্টোবৰ:
সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড আৰু পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ সফলভাৱে আৰম্ভ হয়। চৰকাৰী সেৱা জনসাধাৰণৰ দুৱাৰডলিলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানৰ প্ৰথম দিনটোতে জিলাখনত উৎসাহজনক সঁহাৰি পৰিলক্ষিত হয়।
আজি নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত খণ্ড পৰ্যায়ৰ শিবিৰটো স্থানীয় বিধায়ক শ্ৰী তৰংগ গগৈয়ে শুভ উদ্বোধন কৰে। শিবিৰত ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী , ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য
সেৱা সঞ্চালক ডা: সৌমেন্দ্ৰ কুমাৰ ভাগৱতী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বিদ্যাৱতী ফুকন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়ৰ বিষয়াসকল, নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে।
আজি খণ্ড পৰ্যায়ত নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিবিৰত প্ৰায় ৩০০ ৰো অধিক লোকে স্বাস্থ্য সেৱা গ্ৰহণ কৰে। একেদৰে পৌৰ এলেকাত নাহৰকটীয়া পৌৰসভাৰ কাৰ্যালয়, নামৰূপ পৌৰসভাৰ কাৰ্যালয় আৰু চাবুৱা পৌৰসভাৰ বহুমুখী সামূহিক প্ৰেক্ষাগৃহতো শিবিৰসমূহ সফলভাৱে সম্পন্ন হয়।
শিবিৰসমূহত ৰাইজে একে ঠাইতে মেডিচিন, নাক-কাণ-ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসাৰ বিশেষজ্ঞৰ লগতে এমবিবিএছ আৰু আয়ুষ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। শিবিৰত ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে অসংক্ৰামক ৰোগৰ বিনামূলীয়া স্ক্ৰীনিং, বিনামূলীয়া ঔষধ বিতৰণ, এবি-
পিএমজেএৱাই আয়ুষ্মান ভাৰত কাৰ্ড, আভা আইডি, জন্ম-মৃত্যুৰ পঞ্জীয়ন আৰু দিব্যাংগ প্ৰমাণপত্ৰৰ সেৱা প্ৰদান কৰা হয়।লগতে মাতৃ আৰু শিশু স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, এইচ আই ভি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টি, মানসিক স্বাস্থ্য আৰু জীৱনশৈলীজনিত ৰোগ প্ৰতিৰোধৰ বিষয়ে সজাগতা সভাও অনুষ্ঠিত কৰা হয় ।
সেৱা সংকল্প অভিযানৰ অধীনত আগন্তুক দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ’ব। সেইমৰ্মে ৬ অক্টোবৰত বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত, ৮ অক্টোবৰত ৰাজগড় ৰাজহুৱা প্ৰেক্ষাগৃহত, খোৱাঙৰ তিলৈ গ্ৰাম্য বজাৰ কমিউনিটি হলত আৰু লাহোৱাল গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ প্ৰেক্ষাগৃহত, ৯ অক্টোবৰত চাবুৱাৰ বেতমালা কমিউনিটি হলত, ১০ অক্টোবৰত দুলীয়াজান বিহুতলীত আৰু ১২ অক্টোবৰত ডিব্ৰুগড় পৌৰ নিগমৰ বহুমুখী ভৱনত এই স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ অনুষ্ঠিত হ’ব।সেয়েহে, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে সকলো নাগৰিককে সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত এই শিবিৰসমূহত উপস্থিত হৈ বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে অনলাইন সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।