ডিব্ৰুগড় জিলা- প্ৰশাসনৰ উদ্যোগত “শোক দিৱস” পালন।
চাইন অন ডেস্ক:
২০০৪ বৰ্ষৰ ১৫ আগষ্ট তাৰিখে ধেমাজি জিলাত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ যিসকল নিৰীহ নাগৰিকে দু্ৰ্ভাগ্যজনকভাৱে বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিছিল, তেওঁলোকক সুঁৱৰি
অনুষ্ঠানত নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈয়ে ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অনুষ্ঠানত উপস্থিত সকলোকে হিংসা বিৰোধী শপত বাক্য পাঠ কৰায়।
অনুষ্ঠানটিত ডিব্ৰুগড় জিলা-প্ৰশাসনৰ বিষয়া – কৰ্মচাৰী প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।