...

দিনজয় চাহ বাগিচাত পাচঁজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু ?

Spread the love

 

 

দিনজয় চাহ বাগিচাত পাচঁজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু ?

 

 

পাচঁজন ব্যক্তিৰ ভিতৰত দুজন ডায়েৰিয়া সদৃশ ৰোগত মৃত্যু !
১৭ বছৰীয়া কিশোৰ হিট – ষ্ট্ৰ’কত মৃত্যু !
জিলা প্ৰশাসনে কৰিলে ঘোষণা

 

_ডায়েৰীয়া সম্পৰ্কে স্বাস্থ্য বিভাগৰ নীতি – নিৰ্দেশনা
জিলাবাসীক প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান_

 

চাইন অন ডেস্ক:

ডায়েৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে কেতবোৰ সতৰ্কতামূলক আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা বাসী ৰাইজক অনুৰোধ জনাইছে।ডায়েৰীয়াৰ লক্ষণ বা চিহ্ন যেনে- সঘনাই পনীয়া শৌচ,বমি হোৱা,অলস- অচেতন হোৱা, জ্বৰ ইত্যাদি লক্ষণ দেখা পালে অনতিপলমে নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে স্বাস্থ্য বিভাগে ।

যদিহে ডায়েৰিয়াৰ এই লক্ষণ সমূহ দেখা দিয়ে প্ৰতিৰোধী ব্যৱস্থা হিচাপে খোৱা পানী উতলাই চেচাঁ কৰি খোৱা উচিত । একেদৰে ,যদিহে ডায়েৰীয়াত কোনো ব্যক্তি আক্ৰান্ত হয় তেন্তে ১ লিটাৰ পৰিস্কাৰ পানীত ১ পেকেট অ’ আৰ এছ মিহলাই‌ খোৱা উচিত । উল্লেখযোগ্য যে,পানীত মিহলোৱা অ’ আৰ এছ ২৪ ঘন্টাৰ ভিতৰত গ্ৰহণ কৰাটো‌ প্ৰয়োজনীয়।
আনহাতে, কোনো শিশু ডায়েৰীয়াত আক্ৰান্ত হ’লে প্ৰতিবাৰ শৌচ- বমিৰ পাছত অ’ আৰ এছ‌ খুওৱা সমীচিন‌। স্তন পান কৰি থকা শিশুক মাকৰ গাখীৰ বা পানীৰ‌ লগত জিংকৰ বড়ি মিহলাই খুওৱাবৰ বাবে অনুৰোধ জনাইছে স্বাস্থ্য বিভাগে । তদুপৰি ডায়েৰীয়াৰ সময়ত বা তাৰ পিছত শিশুক মাকৰ গাখীৰ আৰু ডাঙৰ শিশু ক অতিৰিক্ত আহাৰ খুৱাই থাকিবলৈ অভিভাৱকক আহ্বান জনাইছে জিলা স্বাস্থ্য বিভাগে ।

একেদৰে, ডায়েৰীয়া প্ৰতিৰোধৰ বাবে সৰু- বৰ নিৰ্বিশেষে প্ৰত্যেকৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ কেতবোৰ সাধাৰণ নীতি নিৰ্দেশনা যেনে-
পৰিষ্কাৰ খোৱা পানী ব্যৱহাৰ কৰা,খোৱা খাদ্য মাখি বা ধূলি নপৰাকৈ ভালকৈ ঢাকনীৰে ঢাকি ৰখা,
শাক-পাচলি, ফল-মূল ভালকৈ ধুই ব্যৱহাৰ কৰা,
কেঁচুৱাক খুওৱাৰ আগতে আৰু নিজে খোৱাৰ আগতে হাত পৰিষ্কাৰকৈ ধুই লোৱা, নখ চুটিকৈ কটা,
কেঁচুৱাৰ কাৰণে ব্যৱহাৰ কৰা বাচন-বৰ্তন, কাপোৰ-কানি ইত্যাদি পৰিষ্কাৰকৈ ৰখা,
কেঁচুৱাৰ শৌচ পায়খানাত পেলোৱা, বাহিৰত বা মুকলিত শৌচ কৰাৰ পৰা বিৰত থকা
শৌচ কৰাৰ পিছত , খাদ্য ৰন্ধা আৰু খোৱাৰ পূৰ্বে আৰু শৌচ কৰাৰ পিছত চাবোনেৰে ভালদৰে হাত ধোৱা, খোৱা পানীৰ উৎসৰ ওচৰত শৌচ, প্ৰস্ৰাৱ নকৰা বা কাপোৰ-কানি নুধোৱা,
পৰিস্কাৰকৈ আহাৰ ৰান্ধি খোৱা, ৰাস্তা – ঘাটত পোৱা খাদ্য খোৱাৰ পৰা বিৰত থকা,ব্লিছিং মিহলি পানীৰে পায়খানা- দমকলৰ পাৰ পৰিস্কাৰ কৰা,
,চালাদ-মিছামাছ -শামুক আদি খোৱাৰ পৰা বিৰত থকা ইত্যাদি মানি চলিবলৈ ৰাইজক অনুৰোধ জনাইছে স্বাস্থ্য বিভাগে।

এই প্ৰতিৰোধী ব্যৱস্থা সমূহ অৱলম্বন কৰাৰ সমান্তৰাল ভাৱে যিকোনো ধৰণৰ ডায়েৰীয়া সদৃশ উপসৰ্গই‌ দেখা দিলে‌ অনতি পলমে স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ ও‌ অনুৰোধ কৰাৰ লগতে নিকটতম আশা , এ এন এম বা স্বাস্থ্যকৰ্মীৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় জিলাৰ স‌্বাস্হ্য বিভাগে । ডায়েৰিয়া সম্পৰ্কে অধিক তথ্য ১০৪ টোল ফ‌্ৰী নম্বৰত আৰু এম্বুলেন্স সেৱাৰ বাবে ১০৮ ডায়েল কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে বিভাগে । উল্লেখযোগ্য যে, শেহতীয়াকৈ, ডিব্ৰুগড় জিলাৰ দিনজয় চাহ বাগিচাত পাচঁজন লোক ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লোৱা বুলি সৰ্বত্ৰ চৰ্চা হোৱাৰ বিপৰীতে দৰাচলতে এই মৃত পাচঁজন ব্যক্তিৰ ভিতৰত দুজন ক্ৰমে – কাৰ্তিক মিৰধা‌( ১২ বছৰ), ৰীতা মূৰাৰ (৭০ বছৰ) ডায়েৰিয়া সদৃশ ( Acute Gastroentitis ) শৌচ – বমি হৈ মৃত্যু মুখত পৰে ।

অন্যহাতে, শুকুৰবাৰে ৰাজীৱ নায়ক নামৰ ১৭ বছৰীয়া কিশোৰ জনে প্ৰখৰ ৰ’দত ফুটবল খেলি অহাৰ পিছত হিট – ষ্ট্ৰ’কত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে । ইফালে, আন দুজন মৃতক ক্ৰমে – আয়েশা মিৰধা ( ৩০ বছৰ) ৰ সাধাৰণ বমি হৈ আৰু জয়মতী ৰাজপুত (৬০ বছৰ) কৰ্কট ৰোগত মৃত্যু মুখত পৰে । স্বাস্থ্য বিভাগে ইতিমধ্যে জিলা খনত ডায়েৰিয়া প্ৰতিহত কৰিবৰ বাবে সজাগতা কাৰ্যসূচীৰ লগতে অ’ আৰ এছ বিতৰণকে ধৰি বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈ আহিছে আৰু স্বাস্থ্য কৰ্মী ৰ‌‌ দ্বাৰা ঘৰে ঘৰে জৰীপৰ ব্যৱস্থা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *