দীঘলীপুখুৰী-নুনমাটি উৰণীয়া সেতুৰ নাম হ’ব
“মহাৰাজা পৃথু উৰণীয়া সেতু”: মুখ্যমন্ত্ৰী শৰ্মা
চাইন অন ডেস্ক:
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা কৰে যে কামৰূপ ৰাজ্যৰ বিশিষ্ট শাসকৰ নামেৰে নিৰ্মাণাধীন দীঘলীপুখুৰী-নুনমাটি উৰণীয়া সেতু – উত্তৰ-পূবৰ আটাইতকৈ দীঘলীয়া উৰণীয়া সেতুখনক মহাৰাজা
প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেন উচ্চ কৰিড’ৰে দীঘলীপুখুৰী (আমবাৰী)ক গুৱাহাটীৰ নূনমাটিৰ সৈতে সংযোগ কৰিব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় ফিল্ডত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত এই ঘোষণা কৰে, য’ত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
শৰ্মাই এই সিদ্ধান্তক অসমৰ গৌৰৱ আৰু ঐতিহ্য ৰক্ষাৰ বাবে তেওঁৰ চৰকাৰৰ “পবিত্ৰ কৰ্তব্য” বুলি অভিহিত কৰে। ৰাজ পৃথু নামেৰেও পৰিচিত মহাৰাজ পৃথুৱে দ্বাদশ–ত্ৰয়োদশ শতিকাত কামৰূপত শাসন কৰিছিল।