শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰাণ আঞ্চলিক শাখাত সংঘৰ চাৰিপুথি ওপৰত পৰ্য্যালোচনা সভা সম্পন্ন
চাইন অন ডেস্ক,২৫জুন:
শ্ৰীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় জিলা প্ৰচাৰ শাখাৰ উদ্যোগত বুধবাৰে মৰাণ আঞ্চলিক শাখাৰ আতিথ্যত, তিলৈনগৰস্হিত কৃষ্ণ জ্যোতি প্ৰাথমিক শাখা নামঘৰত সঙ্ঘৰ চাৰিপুথিৰ ওপৰত বিশেষ পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা প্ৰচাৰ শাখাৰ সভাপতি উমাকান্ত মহনৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুমোদিত চাৰি পুথি ক্ৰমে- সংবিধান, অশৌচ পদ্ধতি,
প্রসংগ-প্রণালী আৰু বিবাহ পদ্ধতি বিষয়ত অনুষ্ঠিত হোৱা আলোচনা সভাখনি উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ৰজনীকান্ত দত্ত বাপে ।উদ্বোধনী ভাষনত দত্তবাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজস্ব আদৰ্শ আৰু গুৰুজনাৰ ধৰ্মীয় মাৰ্গৰে অধিক কৰ্ম দক্ষতাৰে মানৱ সেৱাত ব্ৰতী হবলৈ আৰু বাপ -আই সকলৰ মনোবল বৃদ্ধি লক্ষ্য কৰি গঠন মূলক পৰামৰ্শ আগবঢ়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক বিশ্ব দবাৰত চিনাকি কৰি সমাজত সামাজিক পৰিবৰ্তন আনিবলৈ ৰাইজক আহ্বান জনায়।ডিব্ৰুগড় জিলা প্ৰচাৰ শাখা সম্পাদক অজিত বড়া বাপে আঁতধৰা সভাত সমল ব্যক্তি ৰূপে ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক ব্ৰজানন্দ ভূঞা বাপে, বিবাহ পদ্ধতি আৰু প্ৰশান্ত কাকতি বাপে অশৌচ পদ্ধতিৰ বিষয়ত ভাষণ প্ৰদান কৰি জাতীয় অনুষ্ঠানটি সূচাৰুৰূপে আৰু সু-শৃংখলিতভাৱে পৰিচালিত- হোৱা একত্র সংকলন ওপৰত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। ডিব্ৰুগড় জিলা শাখা আৰু মৰাণ আঞ্চলিক শাখাৰ বিষয়ববীয়াৰ লগতে মূলৰ সদস্য তথা অসম কণ্ঠৰ পৰিচালনা সমিতিৰ সভাপতি যতীন চুটীয়া বাপ, ডিব্ৰুগড় জিলা শাখা উপ-সভাপতি-নবীন চলিহা বাপকে প্ৰমূখ্য কৰি বাপ-আই সকল উপস্থিত থকা অনুষ্ঠানত চাৰি-পুথি ভিন্নদফা- ৰাজহুৱা প্ৰশ্ন সমাধানৰ উত্তৰ প্ৰদান কৰে সংঘৰ উপদেষ্টা গৰাকীয়ে। অনুষ্ঠান শেষত গুৰু বন্দনাৰে কাৰ্যসূচী সামৰণি পৰে।