ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয়ৰ অচলাৱস্থা ?
উন্নীতকৰণৰ দাবী ৰাইজৰ
নগৰবেৰা:

পশু চিকিৎসালয়ৰ বৰ্তমানৰ অচলাৱস্থাই ৰাইজক ভবাই তুলিছে। ৰাইজৰ অভিযোগ মতে দীৰ্ঘদিনৰে পৰা পশু চিকিৎসালয় খনত কৰ্মৰত চিকিৎসক গৰাকীৰ উপস্থিতি নিয়মীয়া নহয় ,তাৰ উপৰিও কোনো নাই দৰৱ-পাতিও। আছে গৰু নাবায় হাল’ ,সদৃশ হৈ চলি আছে ছমৰীয়া সমষ্টিৰ ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয় খন ।অভিযোগ মতে বিগত তিনি মাহৰে পৰা পশু চিকিৎসকৰ অনুপস্থিত চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীয়েহে চলাই আহিছে বিগত সময়চোৱাত ।কৃষিপ্ৰধান অঞ্চলটোৰ সততে বিভিন্ন ৰোগত আক্ৰান্ত পশুধনক লৈ বিপাঙত পৰিছে 