...

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধি

Spread the love

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধি

ধুবুৰীত মাৰাথন -২০২৬ৰ তৃতীয় সংস্কৰণ

প্ৰতিকূল বতৰকো নেওছি প্ৰায় ৮ শ প্ৰতিযোগীৰ অংশগ্রহণ

ধুবুৰী, ২৬ এপ্ৰিল:

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয়-হস্পিতালৰ শিক্ষক সন্থা আৰু ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা স্থানীয় টাউন ক্লাবকে ধৰি অন্যান্য কেইবাটাও অৰাজনৈতিক সংগঠনৰ সহযোগত আজি ধুবুৰীত অনুষ্ঠিত হৈ যায় “ধুবুৰী মাৰাথন ২০২৬”ৰ তৃতীয় সংস্কৰণ। সেই মৰ্মে, পুৱা প্ৰায় ৫ বজাত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত পৰা আজিৰ এই মাৰাথন প্ৰতিযোগিতাখনৰ শুভাৰম্ভ ঘটে। ৪২.২, ২১.১, ১০ আৰু ৫ কিলোমিটাৰৰ চাৰিটা শিতানত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা খনত প্ৰতিকূল বতৰকো নেওছি প্ৰায় ৮শ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ৪২.২ কিলোমিটাৰৰ পুৰুষৰ শাখাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৰোহিত সাৰজে। আনহাতে অশ্লেষ কুমাৰ ৰাজৱাৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় স্থান লাভ কৰে গংগা হাঙ চুব্বাই। মহিলাৰ শাখাত ফলেশ্বৰী ৰাজৱাৰে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে সন্ধ্যা যাদবে দ্বিতীয় স্থান পায়। ২১.১ কিলোমিটাৰত পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অনীক কুমাৰ পেটেল, অভিষেক আৰু কামিয়াৰে। মহিলাৰ শাখাত অন্নু পল প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে সাধনা দেৱী আৰু জশ্বিনী নৰেন্দ্ৰ লাম্বকাইয়ে। ১০ কিলোমিটাৰৰ পুৰুষৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে আশীষ কুমাৰ, ৱিথাল আৰু সুৰজ কুমাৰ পলে। মহিলা শাখাত নিশাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে পুলি দলে আৰু ছেৰলিবন টেৰ’নপিয়ে। আনহাতে, ৫ কিলোমিটাৰৰ পুৰুষৰ শাখাত আদিত্য ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে শাহিল কুমাৰ আৰু বলৰাম পালে। মহিলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিশা কুমাৰী শ্ব’, ৰিংকী সৰকাৰ আৰু অনিতা সাহানীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *