...

প্ৰশান্ত ফুকনৰ ঐতিহাসিক অভিলেখ

প্ৰশান্ত ফুকনৰ ঐতিহাসিক অভিলেখ

৭২০৪৩ হাজাৰ ভোটৰ ব্যৱধানত জয়ী

ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে বিজয় সাব্যস্ত

চাইন অন ডেস্ক,৪মে’:

ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে ডিব্ৰুগড়ত বিজয় সাব্যস্ত প্ৰশান্ত ফুকনৰ।৭১ বছৰীয়া প্ৰশান্ত ফুকনে সোমবাৰে ডিব্ৰুগড় বিধানসভা সমষ্টিত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে পঞ্চমবাৰৰ বাবে জয়লাভ কৰি ইতিহাস ৰচনা কৰে। তেওঁ অসম জাতীয় পৰিষদৰ মাইনক পাত্ৰক ৭২,০৪৩ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰায় দুই দশক পূৰ্বে মাত্ৰ ১৭৫ টা ভোটৰ সামান্য ব্যৱধানত আৰম্ভ হোৱা তেওঁৰ ৰাজনৈতিক যাত্ৰাত এয়া আটাইতকৈ শক্তিশালী বিজয়।বিজেপিৰ এই জ্যেষ্ঠ নেতা তথা ৰাজ্যিক শক্তি মন্ত্ৰীগৰাকীৰ শেহতীয়া জয়ে অসমৰ এক অন্যতম উল্লেখযোগ্য নিৰ্বাচনী আখ্যানক অব্যাহত ৰাখিছে।
২০০৬ চনত যেতিয়া ফুকনে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা জয়লাভ কৰিছিল,তেতিয়া তেওঁ কংগ্ৰেছৰ তদানীন্তন বিধায়ক ড° কল্যাণ কুমাৰ গগৈক মাত্ৰ ১৭৫ টা ভোটত (২৮,৪২৪ বনাম ২৮,২৪৯) পৰাস্ত কৰিছিল। সেই সময়ত কংগ্ৰেছৰ দুৰ্ভেদ্য দুৰ্গ হিচাপে বিবেচিত এই সমষ্টিটোত এয়া আছিল এক অবিৰস্মৰণীয় বিজয়। সেই আৰম্ভণিৰ পৰাই তেওঁৰ জয়ৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে — ২০১১ চনত ১৯,৬০৯ টা ভোট, ২০১৬ চনত ২৭,৩৭৪ টা আৰু ২০২১ চনত ৩৮,০০৫ টা ভোট।অৱশেষত আজি এই বিশাল জয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে।এই ঐতিহাসিক
বিজয় ঘোষণাৰ পিছত ফুকনে কয়, “এই জয় ডিব্ৰুগড়ৰ জনসাধাৰণৰ। তেওঁলোকৰ বিশ্বাস আৰু আশীৰ্বাদেই মোক ২০ বছৰ ধৰি আগুৱাই লৈ গৈছে আৰু এই জনমতৰ প্ৰতি মই সকলো সমষ্টি বাসী ৰাইজক প্ৰণিপাত জনাইছো। মই,এইবাৰো পুনৰ একেই নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা কৰি যাম।”
ডিব্ৰুগড়ত ফুকনৰ ৰাজনৈতিক যাত্ৰা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ, কাৰণ ২০০৬ চনত তেওঁ প্ৰথমবাৰ নিৰ্বাচনত অৱতীৰ্ণ হওঁতে অসমত বিজেপিৰ উপস্থিতি আছিল অতি নগণ্য। ১৯৮৫ চনত ডিব্ৰুগড় আসনৰ পৰা বিজেপিৰ প্ৰথমজন প্ৰাৰ্থীয়ে মাত্ৰ ২৬০ টা ভোটহে লাভ কৰিছিল। ধাৰাবাহিক পাঁচটা নিৰ্বাচনৰ জৰিয়তে ডিব্ৰুগড়ক কংগ্ৰেছৰ দুৰ্গৰ পৰা বিজেপিৰ অভেদ্য কোঠলৈ ৰূপান্তৰিত কৰা ফুকনৰ এই সফলতা ৰাজ্যখনৰ শেহতীয়া নিৰ্বাচনী ইতিহাসত এক বিৰল ব্যক্তিগত কৃতিত্ব হিচাপে চিহ্নিত হৈছে।আজিৰ এই ফলাফলৰ সৈতে ফুকনে চাহ নগৰী ডিব্ৰুগড়ৰ আটাইতকৈ শক্তিশালী নিৰ্বাচনী শক্তি হিচাপে নিজৰ স্থান সুদৃঢ় কৰিলে বুলিও বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *