নদুৱাৰ সমষ্টি পুনৰবাৰ বিজেপিৰ পদ্ম হাজৰিকাৰ দখলত
৫৩৮০৪ টা ভোটত বিপুল জয় হাজৰিকাৰ
বালিপৰাত উষ্ম আদৰণি, আৱতৰীয়া ফাকু
বালিপৰা,৪মে’:
পুনৰ বিজেপিৰ দখললৈ শোণিতপুৰৰ ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টি । সমষ্টিটোৰ পাঁচবাৰৰ বিধায়ক পদ্ম হাজৰিকাই পুনৰবাৰ বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ সমষ্টিটো নিজৰ দখললৈ অনাত উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসীয়ে । পদ্ম হাজৰিকাই আজি ঘোষিত নিৰ্বাচনী ফলাফলত সৰ্বমুঠ ১০৯৪৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীয়ে মাত্ৰ ৫৫৬৬৯ টা ভোটহে লাভ কৰে । হাজৰিকাই ৫৩৮০৪ টা ভোটৰ ব্যৱধানত বিজয় সাৱ্যস্ত হয় । বেয়াকৈ মুখঠেকেচা খালে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । বিজয়ী ঘোষণা হোৱাৰ পাছতে পদ্ম হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনত খাজনাকৈ বাজনা বেছি হ’ব নালাগে । কংগ্ৰেছৰ ক্ষেত্ৰত এয়াই হ’ল । কংগ্ৰেছে হোটেলৰ ৰাজনীতি বাদ দিয়ক । তেওঁলোকে চৰকাৰ গঠন কৰাৰ অলীক সপোন দেখি নিৰ্বাচনী ফলাফলৰ আগতেই ভোজ ভাত খায় আৰু আমি নিৰ্বাচন জিকাৰ পাছতহে খাওঁ । ৰাজনীতি কি বস্তু কংগ্ৰেছৰ সুনীলে বুজিয়ে নাপায় , ছাত্ৰ সংগঠন আৰু ৰাজনীতি যে পৃথক সেয়া সুনীলক ৰাইজে বুজাই দিলে । তেওঁ ৰাজনীতিত অপৰিপক্ক । সুনীল নিজৰ স্থানতে কোনো গণভিত্তি নাই , তেওঁ আকৌ বিধায়ক হোৱাৰ সপোন দেখে । কংগ্ৰেছৰ কাম নাই , চাইলেন্ট ভোটাৰ আৰু আাণ্ডাৰ কাৰেণ্ট কি বস্তু কংগ্ৰেছে ভালদৰে শিক্ষা পালে । মোৰ বিজয়ৰ বাবে সমষ্টিবাসী ,দলীয় কাৰ্যকৰ্তা, দলীয় বিষয়ববীয়াক আন্তৰিক কৃতজ্ঞতা । বিজেপি চৰকাৰে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিছে । স্বামী কংগ্ৰেছৰ হ’লেও পত্নীয়ে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিছে । অসম আজি বিজেপিৰ নেতৃত্বত অধিক বিকশিত হৈছে । আজি দুৰ্নীতি হ্ৰাস পাইছে । ৰাইজে প্ৰতিটো চৰকাৰী আঁচনিৰ লাভালাভ ভোগ কৰিবলৈ সক্ষম হৈছে । ” । বিজয় সাৱ্যস্ত হোৱাৰ পিছতে বিয়লি ৪:০০ বজাত নৱ নিৰ্বাচিত বিধায়ক পদ্ম হাজৰিকা বালিপৰা উপস্থিত হোৱাৰ লগে লগে বালিপৰা চেন্টাৰৰ লগতে বালিপৰা চাৰিদুৱাৰ পথৰ যাদৱ বাকৰিত উদমাৰী গাঁও পঞ্চায়তৰ লগতে চাৰিদুৱাৰ মণ্ডল বিজেপিৰ সহস্ৰাধিক দলীয় কাৰ্যকৰ্তা, মহিলা মৰ্চাৰ বিষয়ববীয়াসকলে তেখেতক গামোছা, দলীয় পতাকাৰে উষ্ম আদৰণি জনায় । আনহাতে এই বিজয় উৎসৱৰ অংশ হিচাপে দলীয় কাৰ্যকৰ্তাসকলৰ মাজত এক আৱতৰীয়া ফাকুৰ পৰিৱেশো পৰিলক্ষিত হয় । ৰাইজক উদ্দেশ্যি নৱ নিৰ্বাচিত বিধায়কগৰাকীয় ভাষণ প্ৰসংগত কয় যে নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিধায়ক হোৱাৰ সপোনক ৰাইজে বেয়াকৈ এসেকা দিলে । সমষ্টিটোৰ ১৯ টাকৈ গাঁও পঞ্চায়তৰ ভিতৰত বালিপৰাৰ উদমাৰী গাঁও পঞ্চায়তৰপৰা সৰ্বাধিক ভোট লাভ কৰিছো । ইয়াৰ সমুচিত পুৰষ্কাৰ পঞ্চায়তখনে লাভ কৰিব । পঞ্চায়ত এলেকাত অধিক উন্নয়নৰ বাবে মোৰ চেষ্টা থাকিব । ” তাৰ পিছতে হাজৰিকাই দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ বিজেপিৰ চাৰিদুৱাৰ মণ্ডলৰ কাৰ্যালয় চৌহদত উপস্থিত হয় । কাৰ্যালয়টোত সহস্ৰাধিক কাৰ্যকৰ্তাই হাজৰিকাক আদৰণি জনায় । কাৰ্যালয়ত আদৰণি গ্ৰহণ কৰি বিধায়কগৰাকীয়ে চাৰিদুৱাৰৰ ফৰেষ্ট গেট, ভানুচ’ক, লোক্ৰা,মানশিৰি হৈ জামুগুৰিৰ দিশে পৰিভ্ৰমণ কৰে ।
Like this:
Like Loading...