নামৰূপত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২১ সংখ্যক কেন্দ্রীয় ব’হাগী উৎসৱ
৯,১০ মে’ত বৰ্ণাধ্য কাযসূচীৰে শুভাৰম্ভ
চাইন অন ডেস্ক,৩মে’:
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত ২১ সংখ্যক কেন্দ্রীয় ব’হাগী উৎসৱ নামৰূপ সাৰনগৰী প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত অহা ৯ আৰু ১০ মে’ত অনুষ্ঠিত হ’ব। প্রতিজন অসমীয়াৰ প্ৰাণৰ স্পন্দিত অসমীয়া জাতিৰ বাপতি সাহোন আৰু বিশ্বৰ প্রান্তে প্রান্তে সমাদৃত আকর্ষণীয় লোক-কৃষ্টিৰ সম্ভাৰেৰে পৰিপূৰ্ণ এক অনুপম নিদৰ্শন। বিহু উৎসবে বিভিন্ন জাতি- জনজাতিৰ মিলনভূমি অসমৰ জাতীয় জীৱনক বিহুৰে সদায় উজ্জীৱিত কৰি ৰাখিছে। ড°ভৃপেন হাজৰিকাই ‘অসমীয়া জাতিৰ ই আয়ুস ৰেখা’ আখ্যা দিয়া ব’হাগ মাহে প্রতিবছৰে ৰঙালী বিহুৰ জৰিয়তে বসন্ত পৰশা প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজতে অসমভূমিলৈ কঢ়িয়াই আনে সম্প্রীতি আৰু সমন্বয়ৰ বাৰ্তা।মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধর্ম-সাহিত্য- সংস্কৃতিৰ সুবৃহৎ জাতীয় অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘই নবৈৰ দশকৰো অধিক কাল দিগন্ত প্ৰসাৰী মহাপুৰুষ গুৰুজনাৰ ধৰ্ম-দৰ্শনৰ প্ৰচাৰ প্ৰসাৰ কৰি মহাপুৰুষ জনাৰ আদৰ্শ, সুন্দৰ সমাজ গঠনৰ কামত ব্ৰতী হৈ থকাৰ লগতে জাতীয় দায়িত্বও নিষ্ঠা সহকাৰে পালন কৰি আহিছে। ২০০৪ চনৰ পৰাই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যুৱ সংগঠন, কেন্দ্রীয় সেৱাবাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰি আহিছে ‘কেন্দ্রীয় ব’হাগী উৎসব’। উল্লেখযোগ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্রয়াণত সমগ্ৰ অসমবাসীৰ লগতে শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিগৰাকী সঙ্গী বাপ-আই, সেৱক- সেৱিকা আজিও শোকত ম্রিয়মাণ। শ্ৰীমন্ত শংকৰদেৱ সংঘই জুবিন গাৰ্গৰ মৃত্যুত গভীৰভাৱে দুখ প্রকাশ কৰি মহান শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাই অনুষ্টুপীয়াকৈ এইবাৰ অনুষ্ঠানভাগি আয়োজন কৰিছে। কার্য্যসূচী মতে ৯ মে’ শনিবাৰে বিয়লি ৫-৩০ বজাত কেন্দ্রীয় সেৱাবাহিনী সঞ্চালনা সমিতি আৰু জিলা অধিনায়ক সকলৰ যুটীয়া বৈঠক।
১০ মে’ দেওবাৰে পুৱা ৫-০০ ডিব্ৰুগড় জিলা সভাপতি দিগন্ত গোহাঁইয়ে গছপুলি ৰোপণ কৰি কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতে
৭-০০ বজাত নাম প্রসঙ্গ, ৮-০০ বজাত তোৰণ উন্মোচন কৰিব মূলৰ শৰণ সদস্য বুবুল হাজৰিকাই। শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই পতাকা উত্তোন কৰাৰ পিছতে পুৱা ১০-০০ বজাত আই-মাতৃৰ সকলৰ মাজত স্থানীয় ভিত্তিত পিঠা-পনা আৰু গামোচা প্রতিযোগিতা। প্ৰতিযোগিতাখনি মুকলি কৰিব কেন্দ্রীয় শিশু, আই-মাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা বাসন্তী ভূঞাই। ১১-০০ বজাত আলোচনা চক্ৰ আৰু স্মৃতিগ্রন্থ উন্মোচন।বিহু সংস্কৃতিত ঐতিহ্য, সমন্বয় আৰু জাতীয় চেতনা” শীৰ্ষক আলোচনা চক্ৰখনিত
সভাপতিত্ব কৰিব সঙ্ঘৰ পদাধিকাৰ ড°ভবেন্দ্র নাথ ডেকাই আৰু সভাখনি উদ্বোধন কৰিব প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া।সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয় উপাচাৰ্য্য প্রাধ্যাপক ড° জিতেন হাজৰিকাই। শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুখ্য উপদেষ্টা,ৰজনী কান্ত দত্তই সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব। স্মৃতিগ্রন্থ উন্মোচন কৰিব শ্রীমন্ত শঙ্কৰদেৱৰ সংঘৰ উপদেষ্টা কমলা কান্ত গগৈয়ে।আলোচক হিচাপে থাকিব গড়গাঁও মহাবিদ্যালয় অধ্যক্ষ ড° সব্যসাচী মহন্তৰ লগতে আমন্ত্রিত অতিথি হিচাপে থাকিব সংঘৰ সাহিত্য শাখাৰ সভাপতি ড° মৃণাল কুমাৰ বৰুৱা, সদৌ টাই আহোম ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি বসন্ত গগৈ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সাংগঠনিক
সম্পাদক ৰাজীৱ গগৈ, সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক, বুলবুল দত্ত আৰু দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যবাহী সঞ্চালক মাধুর্য্য বৰুৱাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সঙ্ঘৰ উপ- পদাধিকাৰ, চন্দ্ৰ হাজৰিকা, যুটীয়া সম্পাদকদ্বয়, দেৱাঞ্জন বৰা, তোষেশ্বৰ বৰা, শিক্ষা শাখা সমিতিৰ সভাপতি বিমল বুঢ়াগোহাঁই, সম্পাদক চন্দ্রকান্ত ভূঞা, শিশু, আই-মাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী, লক্ষ্মীপ্রিয়া চহৰীয়া, অসম কণ্ঠৰ অধ্যক্ষ ড° যতীন চুতীয়া, থ্ৰীফ্ট এণ্ড ক্রেডিট কো- অপাৰেটিভ চ’ছাইটি লিমিটেডৰ অধ্যক্ষ, হৰেন্দ্ৰ বৰা, সংস্কৃতি শাখা সমিতিৰ সভাপতি,অলিম মহন্ত,
সম্পাদক, প্রশান্ত শইকীয়া, সাহিত্য শাখা সমিতিৰ সম্পাদক, অচ্যুত কৃষ্ণ কলিতা, প্ৰচাৰ শাখাৰ সম্পাদক ৰণ্টু খনিকৰ, ডিব্ৰুগড় জিলা মূলৰ সদস্য বীৰেণ নিৰ্মলীয়া, মূলৰ সদস্য, অজিত গগৈ, যোগাযোগ আৰু পৰিকল্পনা উপ-সমিতিৰ সভাপতি, যুগল গগৈ, কেন্দ্রীয় সেবাবাহিনী প্ৰাক্তন অধিনায়ক, অঞ্জন সাধনিদাৰে। বিয়লি ২-০০ বজাৰ পৰা হুঁচৰি আৰু মুকলি বিহু প্রদর্শন। উদ্বোধন কৰিব শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শঙ্কৰী সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি,পবিত্র প্রাণ বৰাই। দুয়োটাদিনৰ কাৰ্যসূচীত সংঘৰ সেৱাবাহিনী,বাপ-আই, তথা বিহু প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক,কুশল ঠাকুৰীয়া, কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা, সচিব চন্দন বৰা, ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক ব্রজানন্দ ভূঞা, আদৰণী সমিতিৰ সভাপতি, কৰুণজ্যোতি শইকীয়া , কাৰ্যকৰী সভাপতি ভৱেশ হাজৰিকা -সম্পাদক অজিত মেধি, যুটীয়া সম্পাদকদ্বয় দিগন্ত শইকীয়া আৰু নৰেশ্বৰ বৰুৱাই।
Like this:
Like Loading...