প্ৰদ্যুত বৰদলৈক গৃহ সমষ্টিত প্ৰৱেশ নিষিদ্ধ ঘোষণা!
সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বেনাৰ-পোষ্টাৰত কলা ৰং সানি প্ৰতিবাদী কাৰ্যসূচী
*চাইন অন ডেস্ক:*
সংখ্যালঘু অধ্যুষিত ধিং লাহৰীঘাট বিধান সভা সমষ্টিত আজি প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আমচুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক লৈ কৰা অপমানসূচক মন্তব্যৰ বাবে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৰাজপথত নামি আহে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় শতাধিক নেতা কৰ্মী।
আজি দুপৰীয়া ধিং আৰু লাহৰীঘাট বিধান সভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ মৈৰাবাৰী বজাৰত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ নেতৃত্বত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।উক্ত প্ৰতিবাদত অংশগ্ৰহণ কাৰীসকলে সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে চৰকাৰ-বিৰোধী মন্তব্যৰ বিৰুদ্ধে তীব্ৰ শ্লগান দিয়ে।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক অপমান কৰা ঘটনাৰ আঁৰত বিৰোধী নেতৃত্বৰ মৌন সমৰ্থন আছে। ইয়াৰ প্ৰতিবাদস্বৰূপে সংখ্যালঘু সংগ্ৰাম পৰিষদে সাংসদ প্ৰদ্যুত বৰদলৈক তেওঁৰ নিজ গৃহ সমষ্টিত প্ৰৱেশ আৰু কোনো ধৰণৰ নিৰ্বাচনী সভা আয়োজন কৰাত নিষেধাজ্ঞা ঘোষণা কৰে । লগতে সংগঠনটোৰ মৰিগাঁও জিলা সমিতিয়ে জনায় যে প্ৰতিবাদৰ অংশ হিচাপে আজিৰ পৰা ধিং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিভিন্ন স্থানত সাংসদ প্ৰদ্যুত বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ বেনাৰ-পোষ্টাৰত কলা ৰং সনাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে, যাৰ আৰম্ভনি মৈৰাবাৰী বজাৰৰ পৰা কৰা হয়। মৈৰাবাৰী বজাৰৰ কেইবাখনো বেনাৰত কলা ৰং সানি দিয়ে প্ৰতিবাদকাৰী দলটোৱে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে অঞ্চলটোত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়।
Like this:
Like Loading...