ঢকুৱাখনাত পথ দুৰ্ঘটনা এজন নিহত
ঢকুৱাখনা,২৩ আগষ্ট:
ঢকুৱাখনাৰ দেৱলীয়া গাঁৱত শোকাবহ পথ দুর্ঘটনা।ঘৰৰ পদুলিতে দ্ৰুতবেগী স্কুটিয়ে মহতিয়াই এজন নিলে পথচাৰীক।দুৰ্ঘটনাটোত মৃত্যু হয় ৰত্ন বৰা নামৰ লোকজনৰ।শনিবাৰে বিয়লি ঢকুৱাখনা ধেমাজি সংযোগী ৰাজ্যিক পথেৰে খোজ কাঢ়ি থকা অৱস্থাতে AS 07Z 8247 নম্বৰৰ দ্ৰুতবেগী স্কুটিখনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় পথচাৰী ৰত্ন বৰা। পৰৱৰ্তী সময়ত আহত ৰন্ত বৰাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে দেওবাৰে লোকজনৰ মৃত্যু হয়।উল্লেখ্য যে নিহত ৰত্ন বৰা ঢকুৱাখনা সমজিলা কাৰ্যলয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী আছিল।দেৱলীয়া গাঁৱৰ মুখ্য বায়ন হিচাপে বৃহত্তৰ অঞ্চলটোত শংকৰী কলা কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱা ধৰ্মপ্ৰাণ আৰু সৰবৰহী ৰত্ন বৰাৰ মৃত্যুৰ
খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়।