...

ডিব্ৰুগড়ত ৰেল কৰ্মচাৰীৰ বিভিন্ন সমস্যা-দাবীক লৈ সংগ্ৰামৰ হুংকাৰ!

ডিব্ৰুগড়ত ৰেল কৰ্মচাৰীৰ বিভিন্ন সমস্যা-দাবীক লৈ সংগ্ৰামৰ হুংকাৰ!

ডিব্ৰুগড়ত তিনিদিনীয়াকৈ অনুষ্ঠিত মাণ্ডলিক সভা

চাইন অন ডেস্ক,২৩আগষ্ট:-

উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে এমপ্লইজ ইউনিয়নৰ ১৭৮ সংখ্যক জেনেৰেল ৱৰ্কিং কমিটীৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰিত সভা ডিব্ৰুগড় জিলা পুথিভঁৰালত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। সভাত ৰেল কৰ্মচাৰীসকলৰ বিভিন্ন মৌলিক সমস্যা, কৰ্মক্ষেত্ৰৰ সংকট আৰু দীৰ্ঘদিনীয়া দাবীসমূহক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়।
সভাত উপস্থিত থাকি নেচনেল ফেডাৰেচন অৱ ইণ্ডিয়ান ৰেলৱেমেন (NFIR)-ৰ উপ-সভাপতি তথা অল ইণ্ডিয়া জে চি এম (JCM)-ৰ কাৰ্যবাহী সদস্য মুনীন্দ্ৰ শইকীয়াই ৰেল কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ কথা সংবাদ মাধ্যমৰ আগত তুলি ধৰে।
ইউনিয়নে নতুন পেঞ্চন আঁচনি (NPS) আৰু ইউনিফাইড পেঞ্চন স্কীম (UPS) বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা (OPS) পুনৰ বাহাল কৰাৰ দাবী জনায়। সংগঠনটোৰ দাবী অনুসৰি, ৰেলৱেৰ কৰ্মচাৰীসকলৰ বৃহৎ অংশই UPS গ্ৰহণ কৰা নাই।
ইয়াৰ উপৰি ২০১৯ চনৰ পৰা ৰেলবিভাগত নতুন পদ সৃষ্টি নোহোৱাৰ বিপৰীতে খালী পদ বিলুপ্ত আৰু surrender কৰাৰ ফলত কৰ্মচাৰীসকলৰ ওপৰত কামৰ অত্যধিক চাপ বৃদ্ধি পোৱা বুলি অভিযোগ কৰে ইউনিয়নে। ৰেল বিভাগত চলি থকা ব্যক্তিগতকৰণ আৰু আউটচ’ৰ্চিং ব্যৱস্থাও বন্ধ কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।
নতুন ৰেলপথ আৰু ষ্টেচন সম্প্ৰসাৰণৰ বিপৰীতে ষ্টেচন মাষ্টাৰ, লোকো পাইলট, ট্ৰেক মেইণ্টেনাৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পদত পৰ্যাপ্ত সংখ্যক কৰ্মচাৰী নিযুক্তি নোহোৱাত ৰেলৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন কৰে ইউনিয়নে।
শেহতীয়া বানপানীত শিৱসাগৰ জিলাত ক্ষতিগ্ৰস্ত হোৱা ৩৬৬ গৰাকী ৰেল কৰ্মচাৰীৰ পৰিয়ালক অন্ততঃ এক লাখ টকাকৈ এককালীন

সাহায্য প্ৰদান কৰাৰ লগতে গৃহক্ষতি হোৱা ২১১টা ৰেলৱে কোৱাৰ্টাৰ পুনৰ নিৰ্মাণ কৰাৰো দাবী জনায়।
আনহাতে, ডিব্ৰুগড়ৰ ঐতিহাসিক পুৰণি ৰেলৱে ষ্টেচন আৰু ঐতিহ্যপূৰ্ণ ৰেলৱে গৃহসমূহ ‘হেৰিটেজ বিল্ডিং’ হিচাপে সংৰক্ষণ কৰাৰ বাবে চৰকাৰ তথা বিভাগক আহ্বান জনায় সংগঠনটোৱে।

ডিব্ৰুগড় চহৰত অব্যাহত থকা গৰাখহনীয়া বিজ্ঞানসন্মত আৰু স্থায়ীভাৱে ৰোধ কৰাৰ বাবেও অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।
ইউনিয়নৰ নেতাসকলে সকীয়াই দিয়ে যে চৰকাৰে দাবীসমূহ পূৰণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত ধৰ্ণা, প্ৰতিবাদকে ধৰি গণতান্ত্ৰিক আন্দোলন তীব্ৰতৰ কৰি তোলা হ’ব। অহা ৯, ১০ আৰু ১১ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় ৱৰ্কিং কমিটীৰ বৈঠকত পৰৱৰ্তী আন্দোলনৰ ৰণকৌশল নিৰ্ধাৰণ কৰা হ’ব বুলিও সংগঠনটোৱে ডিব্ৰুগড়ত জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *