...

ডিব্ৰুগড়ত প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতা

ডিব্ৰুগড়ত প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতা

২৯ আৰু ৩০ আগষ্টত ডিব্ৰুগড়ৰ খনিকৰস্থিত বহুমুখী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব

চাইন অন ডেস্ক,২৩আগষ্ট:

অসম সাঁতোৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সহযোগত অহা ২৯ আৰু ৩০ আগষ্টত ডিব্ৰুগড়ৰ খনিকৰস্থিত বহুমুখী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতা।
‘যোৰহাট চুইমিং ছ’চাইটি’ৰ প্ৰতিষ্ঠাপক তথা ২০০৫ চনত বোকাখাটত অনুষ্ঠিত অসম সাঁতোৰ সন্থাৰ অধিৱেশনত সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰয়াত সমীৰণ বৰদলৈয়ে অসমৰ সাঁতোৰ ক্ষেত্ৰখনৰ উন্নয়ন আৰু বিকাশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছিল। সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বৰে পৰা সাঁতোৰ সন্থাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, সাঁতোৰবিদসকলৰ সামগ্ৰিক বিকাশ আৰু ৰাজ্যখনৰ বিভিন্ন জিলাত সাঁতোৰ সংগঠক গঢ়ি তোলাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ক্ৰীড়া ক্ষেত্ৰখনৰ উপৰি অসমীয়া সমাজ-জীৱনৰ এগৰাকী বিশিষ্ট সমাজ সংগঠক, ছাত্ৰ নেতা তথা সাহিত্য-সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ব্যক্তি হিচাপেও সমীৰণ বৰদলৈ পৰিচিত আছিল। তেওঁৰ স্মৃতি আৰু আদৰ্শক সজীৱ কৰি ৰখাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত সাঁতোৰ খেলৰ অধিক প্ৰসাৰ ঘটোৱা, নৱপ্ৰজন্মৰ সাঁতোৰবিদসকলক প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা আৰু খেলুৱৈসকলৰ মাজত ক্ৰীড়াসুলভ মনোভাৱ, বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ়ি তোলাই এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য বুলি আয়োজকসকলে জানিবলৈ দিয়ে।
এই প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সাঁতোৰ ক্লাবৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। বিভিন্ন বয়সৰ শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ফ্ৰীষ্টাইল, বেকষ্ট্ৰ’ক, ব্ৰেষ্টষ্ট্ৰ’ক, বাটাৰফ্লাই আৰু ইণ্ডিভিজুৱেল মেডলী আদি বিভিন্ন ইভেণ্ট অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতাখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে অসম সাঁতোৰ সন্থা আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাই ব্যাপক প্ৰস্তুতি চলাইছে।
এক সংবাদমেলত প্ৰতিযোগিতাখনৰ সন্দৰ্ভত সবিশেষ সদৰী কৰে অসম সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদক চন্দনজ্যোতি ফুকন আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সভাপতি যদুনাথ গগৈ, উপ-সভাপতি নবকুমাৰ গগৈ, সাধাৰণ সম্পাদক পংকজ শইকীয়া আৰু দয়ানন্দ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *