...

নয়ডাত লোমহৰ্ষক হত্যাকাণ্ড ডিব্ৰুগড়ৰ যুৱতীক !

নয়ডাত লোমহৰ্ষক হত্যাকাণ্ড ডিব্ৰুগড়ৰ যুৱতীক !

সঞ্জনা চাহু নামৰ যুৱতীৰ বিৰুদ্ধে অভিযোগ পিতৃ-মাতৃৰ

চাইন অন ডেস্ক,২১আগষ্টঃ

নয়ডাত ডিব্ৰুগড়ৰ এগৰাকী যুৱতীৰ হত্যাকাণ্ডক লৈ সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ চাউলখোৱা ঘৰবন্দীচুকৰ নিবাসী মেহেক আহমেদ নামৰ যুৱতীগৰাকীৰ মৃতদেহ নয়ডাৰ এটা পিজি হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছিল। পৰিয়ালৰ লোকে এই খবৰ লাভ কৰে ১০ জুলাইত। কালি সংবাদ মাধ্যমক মেহেকৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়ামতে, ডিব্ৰুগড়ৰ সঞ্জনা চাহু নামৰ যুৱতীগৰাকীয়ে মেহেকক চাকৰি দিয়াৰ প্ৰলোভন দিছিল। সেই প্ৰলোভনতে ভোল গৈ মেহেকক যুৱতীগৰাকীয়ে ৩ জুলাইত ঘৰত কাকো নজনোৱাকৈ দিল্লীলৈ লৈ যোৱা হৈছিল। দিনৰ প্ৰায় ১ বজাত হঠাৎ ঘৰৰ পৰা নোহোৱা হোৱা যুৱতীগৰাকীক বিচাৰি পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰিছিল আৰু লগে লগে স্থানীয় গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ গৈছিল। কিন্তু অভিযোগ উত্থাপন হৈছে যে গাভৰুপথাৰ আৰক্ষীয়ে মেহেকৰ পিতৃ-মাতৃক যথোচিত গুৰুত্ব নিদি দুৰ্বব্যৱহাৰহে কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত, অৰ্থাৎ ৪ জুলাইত মেহেকৰ পিতৃ-মাতৃয়ে নিৰুদ্দেশৰ সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাষ চাপি এক আনুষ্ঠানিক এজাহাৰ দাখিল কৰে। তদন্তৰ সময়ছোৱাত মেহেকে ৱাটছাপৰ জৰিয়তে নিজৰ জ্যেষ্ঠ ভগ্নীৰ সৈতে যোগাযোগ কৰিছিল আৰু দিল্লীলৈ যোৱাৰ কথা স্বীকাৰ কৰিছিল। লগতে, এই কথা সংবাদ মাধ্যমক নজনাবলৈ তেওঁ কঠোৰভাৱে অনুৰোধ জনোৱাৰ লগতে আত্মহত্যাৰো ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ ঠিক কেইদিনমানৰ পাছতে, অৰ্থাৎ ৯ জুলাইত মেহেকৰ মৃত্যুৰ বতৰা লাভ কৰে পৰিয়ালে। মেহেকৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে, দিল্লী আৰক্ষীয়ে ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষীক মেহেকৰ মৃত্যুৰ খবৰ প্ৰদান কৰিছিল যদিও গাভৰুপথাৰ আৰক্ষীয়ে সেই গুৰুত্বপূৰ্ণ খবৰটো সময়মতে মেহেকৰ শোকগ্ৰস্ত পৰিয়ালক জনোৱা নাছিল। মেহেকৰ মাতৃ জেচমিন আহমেদে সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে মেহেকক সম্পূৰ্ণ বলপূৰ্বকভাৱে অপহৰণ কৰা হৈছিল। তেওঁৰ দাবী অনুসৰি, মেহেকৰ লগত থকা নগদ ৩ লাখ টকা, এটা মূল্যৱান সোণৰ চেইন, আঙুঠি আৰু কেইবাখনো গুৰুত্বপূৰ্ণ নথিপত্ৰ বৰ্তমান ৰহস্যজনকভাৱে নাইকিয়া হৈছে। এই সমগ্ৰ কাণ্ডত জড়িত থকা মূল অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা ল’বলৈ পৰিয়ালে দাবী জনাইছে। ঘটনাৰ লগে লগে খবৰ পাই ১০ জুলাইতেই পৰিয়ালৰ লোকে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল, উত্তৰ প্ৰদেশৰ আৰক্ষী মহাপ্ৰধান, অসম চৰকাৰৰ ৰাজ্যিক মহিলা আয়োগ, দিল্লীৰ ৰাজ্যপাল, ভাৰতৰ ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ ন্যায় বিচাৰি বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল। শেহতীয়া খবৰ অনুসৰি, দিল্লী আৰক্ষীয়ে বিহাৰৰ পৰা এই হত্যাকাণ্ডৰ লগত জড়িত ৰমন নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু মেহেকক বলপূৰ্বকভাৱে নয়ডালৈ লৈ যোৱা ডিব্ৰুগড়ৰ মূল অভিযুক্ত সঞ্জনা চাহুক আজিকোপতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। অত্যন্ত পৰিতাপৰ বিষয় যে, পৰিয়ালৰ অতিশয় আৰ্থিক অভাৱ আৰু দৰিদ্ৰতাৰ বাবে মেহেকৰ মৃতদেহটো সঠিক সময়ত নিজৰ ঘৰলৈ আনিব নোৱাৰিলে। ইমান এক বৰ্বৰ ঘটনাই পৰিয়ালটোক ভাঙি পেলাইছে।কালি মেহেকৰ পিতৃ-মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই সকলো দুখঃসংবাদ আৰু আৰক্ষীৰ হেমাহিৰ কথা সদৰী কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ কামনা কৰিছে। তেওঁলোকে চৰকাৰৰ ওচৰত সৰ্বোচ্চ ন্যায় দাবী কৰিছে যাতে মূল অভিযুক্ত সঞ্জনা চাহু শীঘ্ৰে আইনৰ আওতালৈ আহে আৰু এই ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *