...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধীনত প্ৰথম বি এ এল এল বিত তৃতীয় স্থানপ্ৰাপ্ত আৰমিন জেৰিফা জিয়া

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধীনত প্ৰথম বি এ এল এল বিত তৃতীয় স্থানপ্ৰাপ্ত আৰমিন জেৰিফা জিয়া

চাইন অন ডেস্ক,২০আগষ্ট:

ডিব্ৰুগড় আমোলাপট্টিস্থিত মিৰ্জাবাগ নিৱাসী আৰমিন জেৰিফা জিয়াই সদ্য ঘোষিত ফলাফলত বি এ এল এল বি (অনাৰ্চ) ১০ম আৰু অন্তিম ষান্মাসিকৰ পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰ লৈ গৌৰৱ কঢ়িয়াই আনে।ডিব্ৰুগড় বিশ্ববিদ্যালৰ কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা দশম আৰু চুড়ান্ত চেমিষ্টাৰ বি এ এল এল বি অনাৰ্চ পৰীক্ষাত আৰ্মিন জৰিফাহই চেণ্টাৰ ফৰ জুৰি ডিকেল ষ্টাডিজৰ অধীনত প্ৰথম আৰু বিশ্ববিদ্যালয়ৰ ভিতৰতে তৃতীয় স্থান লাভ কৰে।জেৰিফা জিয়াৰ এই সফলতাত ডিব্ৰুগড়ৰ লগতে মিৰ্জাবাগ অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনে ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰ বি এ এল এল বি অনাৰ্চ পৰীক্ষা চেন্টাৰত কেবাখনো ইনষ্টিটিউটত অন্তভূৰ্ক্ত আছিল ইয়াৰ ভিতৰত যোৰহাট আইন মহাবিদ্যালয়, এচ,আই,পি,ই আইন মহাবিদ্যালয় আৰু নেৰিম আইন মহাবিদ্যালয় গুৱাহাটী অন্যতম ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰ পৰা মুঠ পৰীক্ষাৰ্থী আছিল ২৯৯ জন, উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা আছিল ১৪৬ জন। ডিব্ৰুগড়ৰ বিখ্যাৎ মিৰ্জা বেগ পৰিয়ালৰ সন্তান আৰ মিন জেৰিফাৰ পিতৃ মিৰ্জা মোস্তাইন বেগ আৰু মাতৃ চৈয়দা মেৰিনা বেগমে কন্যাৰ এই সফলতাত গৌৰাম্বিত হোৱাৰ লগতে আশীৰ্বাদ দিয়ে, লগতে অধ্যয়ন কেন্দ্ৰৰ সকলো শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *