ঢকুৱাখনাৰ সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ আয়োজন
ঢকুৱাখনা,২২ আগষ্ট:
১৯৭৬ চনতে শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা ঢকুৱাখনা সমজিলাৰ সাপতীয়া অঞ্চলৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ অন্যতম বাটকটীয়া শিক্ষানুষ্ঠান সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জ্ঞানৰ গৰিমা বিলাই পাঁচটা দশকৰ গৌৰৱময় যাত্রা অংকন কৰি গৰকিছে সোণালী জয়ন্তীৰ দুৱাৰডলি। বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ অন্যতম শিক্ষানু্ঠানখনৰ এনে বৰ্ণিল সফল শৈক্ষিক যাত্ৰাক সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে বিদ্যালয় পৰিয়াল আৰু 

অভ্যৰ্থনা সমিতিৰ সভাপতি সমুজ্জ্বল চেতিয়াৰ নেতৃত্বত ইতিমধ্য বিভিন্ন উপ-সমিতিসমূহে সোণালী জয়ন্তী মহোৎসৱটি সাফল্যমণ্ডিত কৰি তোলাৰ অৰ্থে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে।