...

দাংধৰা-খেৰকটা পঞ্চায়তৰ ৰাইজৰ দীৰ্ঘিনীয়া সমস্যাৰ অৱসান

দাংধৰা-খেৰকটা পঞ্চায়তৰ ৰাইজৰ দীৰ্ঘিনীয়া সমস্যাৰ অৱসান

ঢকুৱাখনাত বিধায়ক নৱ দলেৰ পকী দলং মুকলি

ঢকুৱাখনা,২২আগষ্ট:

স্বাধীনতাৰ ৮০ বছৰ পিছত পকী দলঙৰ মুখ দেখিলে ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত
দাংধৰা আৰু খেৰকটা পঞ্চায়তৰ বৃহত্তৰ
অঞ্চলৰ ৰাইজে।বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘিনীয়া সমস্যাৰ অৱসান ঘটাই আজি বকুলগুৰিৰ পৰা বাঞ্জীপথাৰ পথৰ কংকুৰমুখ জানৰ ওপৰত নিৰ্মিত ৫০ মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে।অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ ২০২৪-২৫ বৰ্ষৰ অধীনত প্ৰায় ৪ কোটি টকা ব্যয়ৰে ঢকুৱাখনা সমষ্টিত পোন প্ৰথমবাৰৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰে ভূমিকম্প প্ৰতিৰোধী ক্ষমতাসম্পন্ন দলংখন শুভ উদ্বোধন কৰি বিধায়ক দলেয়ে কয় যে- নৱনিৰ্মীত এই পকী দলংখনৰ জৰিয়তে দাংধৰা আৰু খেৰকটা পঞ্চায়তৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত থকা বহুদিনীয়া এক সমস্যাৰ অবসান ঘটিব।তেওঁ লগতে দলঙখনৰ দ্বাৰা গ্ৰামাঞ্চলীয় ৰাইজৰ সুচল পথ যোগাযোগ তৰান্বিত কৰাৰ দ্বাৰা আৰ্থ- সামাজিক উত্তৰণৰ পথো মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে।তদুপৰি বিধায়কগৰাকীয়ে গুৰুত্বপূৰ্ণ দলঙখন নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৮টা মাহৰ ভিতৰতে ঠিকাদাৰী সংস্থা পূৰ্বাঞ্চল কনষ্ট্ৰাকচনে নিখুতভাৱে সমাপন কৰি অঞ্চলটোৰ ৰাইজক উপকৃত কৰাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷ইয়াৰ আগতে অঞ্চলটোৰ ৰাইজে গায়ন- বায়ন, মংগল ধ্বনিৰ মাজত বিধায়কগৰাকীক আদৰি অনাৰ পাছত ফিটা কাটি ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে দলঙখন মুকলি কৰি দিয়ে।আজি এই উদ্বোধনী অনুষ্ঠানটিত ঢকুৱাখনা সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই,ঢকুৱাখনা লোকনিৰ্মান পথ সংমণ্ডলৰ সহকাৰী অভিযন্তা সুবিৰ কৰ্মকাৰ,
হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু,ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী পেগু, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁ‌ৱৰৰ লগতে বিভাগীয় বিষয়া -কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।ইফালে ঢকুৱাখনা বিধানসভা সমষ্টিৰ
পথ যোগাযোগ সুচল কৰাৰ লক্ষ্যৰে অধিক তৎপৰ হৈ উঠা বিধায়কগৰাকীয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি জনদায়বদ্ধতা পালন কৰা জনপ্ৰতিনিধিগৰাকীৰ ভূমিকাক শলাগ লৈছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *