নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক ময়ুৰ বৰগোহাঁইৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষী থানাত ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰাতুল ৰায়ে এখন এজাহাৰ দাখিল কৰে। অভিযোগ মতে,কালি নাজিৰা বিধানসভা সমষ্টিত এক ৰাজহুৱা অনুষ্ঠানত বিধায়ক ময়ুৰ বৰগোহাঁইয়ে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক উদ্দেশ্য কৰি উচতনিমূলক আৰু হিংসাত্মক মন্তব্য কৰে। এজাহাৰত উল্লেখ কৰা মতে, ভাষণত বিধায়ক গৰাকীয়ে “মই গান্ধীজীৰ অহিংসাৰ আদৰ্শত বিশ্বাস নকৰোঁ, বৰং মই নেতাজীৰ হিংসাৰ আদৰ্শত বিশ্বাস কৰোঁ” বুলি মন্তব্য কৰাৰ লগতে ভৱিষ্যতে অখিল গগৈৰ ওপৰত শাৰীৰিক আক্ৰমণৰ ইংগিত প্ৰদান কৰে । ফলত ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰাতুল ৰায়ে এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাজহুৱা মঞ্চত এনে হিংসাত্মক মন্তব্য কৰা কাৰ্যক তীব্ৰ ধিক্কাৰ প্ৰদান কৰে। এনে বক্তব্যই কেৱল এজন ৰাজনৈতিক নেতাৰ ব্যক্তিগত সুৰক্ষাৰ ওপৰত ভাবুকি সৃষ্টি কৰাই নহয়, সমাজত হিংসা, প্ৰতিহিংসা আৰু আইন হাতত তুলি লোৱাৰ প্ৰৱণতাকো উৎসাহিত কৰিব পাৰে বুলি এজাহাৰত উল্লেখ কৰে। সেয়েহে ঘটনাটোৰ নিৰপেক্ষ আৰু তৎকালীন তদন্ত কৰি বিধায়ক ময়ুৰ বৰগোহাঁইৰ বিৰুদ্ধে আইনগত ভাৱে গোচৰ পঞ্জীয়ন কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.