এএমচিত ৫ দিন চিকিৎসাধীন ৰোগীক অৱহেলা !
আছে আয়ুষ্মান কাৰ্ড
ৰোগীক বাহিৰৰ পৰা দৰৱ আনিবলৈ বাধ্য কৰাৰ অভিযোগ
চাইন অন ডেস্ক,১৯জুনঃ
অসম চিকিৎসা মহাবিদ্যালয়ৰ দৰে এখন অগ্ৰণী চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা সেৱাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া সুবিধা থকাৰ পাছতো ৰোগীৰ পৰিয়ালক বাহিৰৰ পৰা দৰৱ ক্ৰয় কৰিবলৈ বাধ্য কৰা আৰু অপাৰেচনৰ পাছত ৰোগীক পৰ্যাপ্ত পৰিচৰ্যা নকৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজন ৰোগীৰ পৰিয়ালে। অভিযোগ অনুসৰি, ৰোগীজনক অস্ত্ৰোপ্ৰচাৰ কৰাৰ পূৰ্বে চিকিৎসকে আয়ুষ্মান
কাৰ্ডৰ জৰিয়তে ঔষধ ব্যৱহাৰ কৰিলে অস্ত্ৰোপ্ৰচাৰ সম্ভৱ নহ’ব বুলি স্পষ্টভাৱে জনাইছিল আৰু বাহিৰৰ পৰা ঔষধ আনিবলৈ নিৰ্দেশ দিছিল। এই সন্দৰ্ভত প্ৰমাণ হিচাপে ৰোগীৰ পৰিয়ালে এক অডিঅ’ ক্লিপ আৰু দৰৱৰ তালিকা সংবাদ মাধ্যমক প্ৰদান কৰিছে। পৰিয়ালে এই বিষয়টো উদ্ধৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতহে চিকিৎসকে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে দৰৱ আনিবলৈ সন্মত হয় বুলি অভিযোগ কৰা হৈছে। ১২ জুনত ৰোগীজনৰ সফল অপাৰেচন সম্পন্ন হোৱাৰ পাছত ১৭ জুনলৈকে কোনো চিকিৎসকে ৰোগীজনক চাবলৈ অহা নাই বুলি পৰিয়ালে আক্ষেপ প্ৰকাশ কৰিছে। একেটা ৱাৰ্ডৰ অন্য ৰোগীক চিকিৎসকসকলে নিয়মীয়াকৈ পৰিদৰ্শন কৰিলেও ভুক্তভোগী ৰোগীজনৰ ক্ষেত্ৰত এনে অৱহেলা কিয় কৰা হ’ল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইফালে, বুধবাৰে চিকিৎসকে ৰোগীৰ অভিভাৱকক মাতি আনি ৰোগীক ঘৰলৈ লৈ যাবলৈ নিৰ্দেশ দিয়াৰ লগতে আয়ুষ্মান কাৰ্ডৰ বিষয়টো সম্পৰ্কে নিজাববীয়াকৈ যোগাযোগ কৰিবলৈ কয়। চিকিৎসকজনৰ এনে আচৰণ প্ৰতিশোধপৰায়ণ নে চিকিৎসা বিজ্ঞানৰ কোনো ব্যতিক্ৰমী নিয়ম, সেয়া এতিয়া ৰাজহুৱা চৰ্চাৰ বিষয় হৈ পৰিছে। এই সমগ্ৰ ঘটনাটোৰ এক উচ্চপৰ্যায়ৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ৰোগীৰ পৰিয়ালে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ওচৰত দাবী জনাইছে। আয়ুষ্মান কাৰ্ডৰ দৰে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা ৰোগীক কিয় বঞ্চিত কৰিব বিচাৰিছিল আৰু অপাৰেচনৰ পাছত কিয় অৱহেলা কৰা হ’ল? ইয়াৰ সঠিক তদন্ত বিচাৰি এএমচি কৰ্তৃপক্ষৰ কাষ চাপিছে ৰোগীৰ পৰিয়ালে৷
Like this:
Like Loading...