ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ দক্ষিণ কোৰিয়ান সংস্থাৰ ১২,০০০ গ্ৰন্থৰ উপহাৰ
দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক আৰু সাংস্কৃতিক সম্পৰ্ক হব অধিক সুদৃঢ়:পঞ্জীয়ক পৰমানন্দ
চাইন অন ডেস্ক,১৯জুনঃ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ স্বনামধন্য মানৱতাবাদী সংস্থা ‘ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কো-অপাৰেশ্যন’য়ে ১২,০০০ গ্ৰন্থ প্ৰদান কৰিছে। এই বিশাল গ্ৰন্থভাণ্ডাৰে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ লগতে কোৰিয়ান ভাষা চৰ্চাৰ ক্ষেত্ৰখনক অধিক চহকী কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে এই সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি, সংস্থাটোৰ এই উদাৰ প্ৰয়াসে ডিব্ৰুগড় বিশ্ববিদ্যালয়
আৰু দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক আৰু সাংস্কৃতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে আদান-প্ৰদানৰ নতুন বাট মুকলি কৰিব। উল্লেখ্য যে ২০২৩ শিক্ষাবৰ্ষত ‘ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কো-অপাৰেশ্যন’ৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পোনপ্ৰথমবাৰৰ বাবে কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। কেন্দ্ৰটোৰ প্ৰশিক্ষক দেৱযানী দাসে জনোৱা মতে, এতিয়ালৈকে তিনিটা শিক্ষাবৰ্ষৰ ৬০ গৰাকীতকৈও অধিক শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰম সুখ্যাতিৰে সম্পূৰ্ণ কৰিছে। বৰ্তমান পাঠ্যক্ৰমটোৰ চতুৰ্থটো শিক্ষাবৰ্ষৰ পাঠদান চলি আছে। উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে চলিত বৰ্ষৰ পৰা এই পাঠ্যক্ৰম অনলাইন মাধ্যমত আৰম্ভ কৰা হৈছে আৰু বৰ্তমান নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। ‘ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কো-অপাৰেশ্যন’ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বিশাল গ্ৰন্থ সংগ্ৰহটো প্ৰেৰণ কৰাৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়াৰ কেইবাটাও প্ৰতিষ্ঠিত অনুষ্ঠানে সহযোগিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় সংস্থা সংঘ, অন হস্পিটেল গ্ৰুপ, কোৰিয়া এপাৰ্টমেণ্ট সন্থা, গ্ৰীন ডক্টৰ্ছ, বমঅ’ছা বৌদ্ধ মন্দিৰ, য়য়’ জংছা বৌদ্ধ আশ্ৰম আৰু য়য়’ ছনৱন ধ্যান কেন্দ্ৰ অন্যতম।
এই গ্ৰন্থসমূহৰ যোগানৰ জৰিয়তে কোৰিয়ান সংস্কৃতি আৰু ভাষাৰ সৈতে অসমৰ শিক্ষাৰ্থীসকলক গভীৰভাৱে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰা হৈছে।
Like this:
Like Loading...