চাৰিদুৱাৰত বন্যহস্তী-মানৱৰ সংঘাত চৰম পৰিণতি !
উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
বালিপৰা,১৯ জুন:
শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত বন্যহস্তী-মানৱৰ সংঘাতে দিনকদিনে ভয়ংকৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তে আজি চাৰিদুৱাৰত সংঘটিত হয় এক কৰুণ ঘটনা । চাৰিদুৱাৰত বিদ্যুৎ বিভাগৰ উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ অতি কৰুণভাৱে মৃত্যুক সাৱটি লৈছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱতি নিশা ৩:০০ মান বজাত বালিপৰা সংৰক্ষিত বনাঞ্চলৰপৰা খাদ্যৰ সন্ধানত গড়মৰা হৈ 
