ডিব্ৰুগড়ৰ এইচ এম স্পটৰ্ছ ক্লাৱৰ সম্বৰ্ধনা অনুষ্ঠান
‘জীৱন জটিল নহয়, মানুহে নিজে জীৱনটো জটিল কৰি তোলে’ : অধ্যক্ষ ড° শইকীয়া
চাইন অন ডেস্ক, তাৰিখ ১৯জুন:
মানুহৰ জীৱনটো আচলতে কেতিয়াও জটিল নহয়, মানুহে নিজে নিজে নিজৰ জীৱনটো জটিল কৰি তোলে। জীৱনটো তেনেই সহজ। ডিব্ৰুগড়ৰ জনপ্ৰিয় এইচ এম ৰিজ’ৰ্টৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি
হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক তথা ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই এইদৰে কয়। এইচ এম গ্রুপৰ বিষয়া-কৰ্মচাৰীৰ সন্তানৰ কৃতীত্বক সন্মান তথা সম্বৰ্ধনা জনাবলৈ ১৩ জুনৰ নিশা অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত অধ্যক্ষৰাকীয়ে কয়— প্রতিযোগিতা, খং, ক্ষোভ, অহংকাৰ, ক্রোধ আদিয়ে মানুহৰ জীৱনটো জটিলৰ পৰা জটিল কৰি তোলে, সেইবোৰ একো একোটা বোজা। তেনে বোজা
পাতলাই জীৱনটোক আগুৱাই নিবলৈ তেওঁ সকলোকে আহ্বান জনায়। মহচিন ৰহমানে আঁত ধৰা অনুষ্ঠিানটিত তেওঁ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি কয়— যদি তোমালোক শান্ত ধৈৰ্য হৈ জীৱনটো আগুৱাই নিব পাৰা, তেন্তে জীৱনত সহজেই সফল হ’ব পাৰিবা। তেওঁ কয়— যদি তোমালোকে হতাশাত ভুগিছা, তেন্তে তোমালোক অতীতক লৈ জীয়াই আছা। যদি তোমালোকে খুৱ বেছি চিন্তিত, উৎকণ্ঠিত হৈ জীয়াই আছা তেন্তে তোমালোক ভৱিষ্যতক লৈ জীয়াই আছা। অতীত বা ভৱিষ্যতে মানুহৰ জীৱন সফল কৰি তোলা বুলি দাবী কৰিলেও মানুহে শান্ত, ধৈৰ্যৰে, সাহসেৰে জীয়াই থকা প্রয়োন। ইয়াকে বর্তমানক লৈ জীয়াই থকা বুলি তেওঁ উল্লেখ কৰে। সকলো কৃতী ছাত্ৰ-ছাত্ৰীক বৈ থকা নদীখনৰ দৰে আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ পৃথিৱীৰ সফল ব্যক্তিসকলৰ অনেক উদাহৰণ দাঙি ধৰি সকলোকে মুগ্ধ কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জীৱনক
সজাই তুলিবলৈ সকলোকে আহ্বান জনায়। এইচ এম স্পটৰ্ছ ক্লাৱৰ সম্পাদক আনন্দ কলিতাই আঁত ধৰা সভাত লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰিজু গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে ক্লাৱৰ কাৰ্যকৰী সভাপতি মৃণাৰ হুছেইন, উপ-সভাপতি মজিব খান, সভাপতি আয়াজ আহমেদকে ধৰি ক্লাৱৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে এইচ এম গ্রুপৰ বিষয়া-কৰ্মচাৰীৰ সন্তানৰ লগতে মুঠ এঘাৰগৰাকী কৃতি শিক্ষার্থীক সম্বর্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা পত্ৰৰ লগতে নগদ ধন আৰু অন্যান্য উপহাৰ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অভিভাৱকসকলো উপস্থিত থাকে।
Like this:
Like Loading...