...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন

চাইন অন ডেস্ক,২৩আগষ্ট:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু বায়ুমণ্ডলীয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আৰু ৰেডিঅ’ জ্ঞানমালিনী সহযোগত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়।অনুষ্ঠানৰ শুভ উদ্বোধন কৰে পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক উমানন্দ দেৱ গোস্বামীয়ে। আদৰণি ভাষণ প্ৰদান কৰে ড° বিটাপ ৰাজ কলিতাই।বায়ুমণ্ডলীয় অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ অধ্যাপক কল্যাণ ভূঞাই ১৯৭০ৰ দশকত ইছৰো (ISRO)-ৰ সূচনাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত সকলো বক্তাই ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সংগতি ৰাখি আন্তঃবিভাগীয় পষ্টাৰ মেকিং প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ড° জিতু ৰঞ্জন চেতিয়া আৰু প্ৰিয়ংকা যোশীয়ে। দুপৰীয়াৰ অধিৱেশনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বায়ুমণ্ডলীয় অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি তথা উত্তৰ-পূব ভাৰতত মহাকাশ বিজ্ঞানৰ গৱেষণাৰ সূচনা কৰা প্ৰদীপ কুমাৰ ভূঞা উপস্থিত থাকে। তেওঁ বক্তৃতাত বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ভাৰতৰ মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্যান্য সহযোগী ক্ষেত্ৰসমূহত ছাত্ৰ-ছাত্ৰীৰ অৱদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে।
অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত নৱৰংপুৰা, আহমেদাবাদ, গুজৰাটস্থিত ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী (Physical Research Laboratory)-ৰ জ্যেষ্ঠ অধ্যাপক তথা ডীন অধ্যাপক ডি. পাল্লামৰাজুৰ এক অনলাইন বক্তৃতা অনুষ্ঠিত হয়। অধ্যাপক পাল্লামৰাজুৱে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৬ৰ মূল বিষয় “Towards Viksit Bharat: Innovating, Collaborating and Aspiring to Global and Space Leadership”-ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন বক্তৃতাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় মহাকাশ দিৱস ২০২৬ৰ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰে অধ্যাপক কল্যাণ ভূঞাই,অনুষ্ঠানটিৰ আহ্বায়ক আছিল ড° বিতপ ৰাজ কলিতা।ড° বিনিতা পাঠক, ড° বৰ্ষা দত্ত, জ’চেলিন চাংমা, ড° জ্ঞানেন্দ্ৰ উপাধ্যায়, ড° জিতুৰঞ্জন চেতিয়া আৰু স্বপ্নালী ভূঞাই অনুষ্ঠানৰ যুটীয়া আহ্বায়কৰ দায়িত্ব পালন কৰে।অনুষ্ঠানৰ অন্তত কুইজ প্ৰতিযোগিতা আৰু পষ্টাৰ মেকিং প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়।কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে DUIET, CSE ছাত্র মৃগাংকু কৌশিক বৰা, চিন্ময় জ্যোতি কাশ্যপ আৰু প্ৰাঞ্জিত হাজৰিকাই।দ্বিতীয় পুৰস্কাৰ লাভ কৰে ভেষজ বিজ্ঞান বিভাগৰ ছাত্র জুমান কলিতা, হিৰোজ্যোতি শৰ্মা আৰু মৃণ্ময় কলিতাই।তৃতীয় পুৰস্কাৰ লাভ কৰে জীৱ বিজ্ঞান বিভাগৰ ছাত্র জ্যোতিষ্মান শইকীয়া আৰু ভাৰ্গৱ ডেকাই।পষ্টাৰ মেকিং প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে অৰ্পিতা বৰুৱা (প্ৰায়োগিক ভূতত্ত্ব বিভাগ) দ্বিতীয় পুৰস্কাৰ লাভ কৰে আলিছা শইকীয়া (ৰসায়ন বিজ্ঞান বিভাগ)আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ঋতুপৰ্ণা কোঁৱৰ (পদাৰ্থ বিজ্ঞান বিভাগ) ছানী গগৈ (পদাৰ্থ বিজ্ঞান বিভাগ) আৰু অনিৰুদ্ধ উপাধ্যায় (পদাৰ্থ বিজ্ঞান বিভাগ)।

Leave a Reply

Your email address will not be published. Required fields are marked *